NORTHEAST NOW (Assamese)
Popular Stories

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হীৰেন গোহাঁই আৰু অজিত কুমাৰ ভূঞাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2023 10:54 am

বিজেপি চৰকাৰৰ অসমৰ সমষ্টি সমূহ পুনৰ নিৰ্ধাৰণ, জিলা চামিলকৰণ আদি হঠকাৰী সিদ্ধান্তক লৈ সৰৱ হৈ উঠিছে ৰাজ্যৰ সচেতন মহল। চৰকাৰে হঠাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কিয় কৰিলে তাৰ কোনো স্পষ্ট ব্যাখ্যা এতিয়ালৈকে প্ৰদান কৰা নাই। কিন্তু ইয়াৰ আঁৰত যে শাসনাধীস্থ চৰকাৰৰ লাভৰ অংক জড়িত হৈ আছে সি ধূৰুপ।

সেয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৰ সম্পৰ্কত বিশিষ্ট চিন্তানায়ক ডঃ হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভূঞাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক ৰাজহুৱা স্বাৰ্থজনিত লেখ আবেদন। ইতিমধ্যে এই গোচৰটো গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে।

যৌথভাবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই গোচৰত চিন্তাবিদ দুজনে উল্লেখ কৰিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো সম্পূৰ্ণৰূপে অবৈধ আৰু ইয়াক ন্যায়ালয়ে বাতিল কৰিব লাগে।

অৱশ্যে এতিয়ালৈকে এই আবেদন সম্পৰ্কত মুখ খোলা নাই দুই আবেদনকাৰীয়ে। তেওঁলোকে জনাইছে যে এই গোচৰৰ শুনানিৰ সময়তহে তেওঁলোকে তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিব।

যি কি নহওক, সমষ্টি পুনৰ নিৰ্ধাৰণ, জিলা বিলুপ্তিকৰণ আদি কথাই ৰাজ্যত তুমুল বিতৰ্কৰ লগতে সংশয়পূৰ্ণ তথা অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি কৰি ৰখাৰ সময়ত এই দুই বুদ্ধিজীৱিয়ে বিষয়টো সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাটো অতি তাৎপৰ্যপূৰ্ণ আৰু জাতীয় দায়িত্ব হিচাপে বিবেচিত হৈছে।