NORTHEAST NOW (Assamese)

যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰি থকা কংগ্ৰেছ নেতাক মৃত্যুদণ্ড দিবলৈ আবেদন চৰকাৰী অধিবক্তাৰ… কিন্তু কিয়?

February 18, 2025 6:01 pm · এন ই নাও নিউজ, গুৱাহাটী

১৯৮৪ চনত দিল্লীত সংঘটিত হোৱা শিখ বিৰোধী দাঙ্গাৰ সময়ত হিংসাত্মক ঘটনাত জড়িত হৈ আজীৱন কাৰাদণ্ড ভুগি আছে কংগ্ৰেছ নেতা সজ্জন কুমাৰে।

যোৱা সপ্তাহত আদালতে তেওঁক দাঙ্গাৰ সময়ত সংঘটিত কৰা এক হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰে।

মঙলবাৰে সেই গোচৰত চৰকাৰী অধিবক্তাই কংগ্ৰেছ নেতাগৰাকীক মৃত্যুদণ্ডৰ বাবে আদালত আবেদন জনায়। অৱশ্যে এই দাবী খণ্ডন কৰি সজ্জনৰ অধিবক্তাই আবেদন দাখিল কৰিছে।

জানিব পৰা মতে, অহা ২১ ফেব্ৰুৱাৰীত দুয়োপক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰিব দিল্লীৰ নিম্ন আদালতৰ ন্যায়াধীশে।

উল্লেখ্য যে প্ৰাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীক ব্যক্তিগত দেহৰক্ষীয়ে হত্যা কৰাক লৈ ৰাজধানী দিলীত ৪০ বছৰ পূর্বে দাঙ্গা আৰম্ভ হৈছিল৷ ইন্দিৰা গান্ধীৰ দেহৰক্ষীজন আছিল শিখ সম্প্ৰদায়ৰ। যাৰ ফলত শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ সংঘটিত হয়। কেইবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এই দাঙ্গাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল।

সজ্জন কুমাৰৰ বিৰুদ্ধে একাধিক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। তিনি বছৰ পূৰ্বে এটা গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল।

দিল্লীৰ সৰস্বতী নগৰত এহাল পিতৃ-পুত্ৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে তেওঁৰ নাম উল্লেখ কৰা হৈছে। সেই গোচৰত সজ্জনক দোষী সাব্যস্ত কৰা হৈছে। অহা ২১ ফেব্ৰুৱাৰীত এই শাস্তি ঘোষণা কৰিব ন্যায়াধীশে। জানিব পৰা যাব যে তেওঁক পুনৰ যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ডৰ শাস্তি দিয়া হব।

Related News