NORTHEAST NOW (Assamese)
অসম

গুৰুজনাৰ সৃষ্টিৰে উজলি উঠিল হাটবৰৰ ৰাস; দুই মুছলমান যুৱকে গোপী সাজি কৰিলে অভিনয়

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ November 20, 2021 11:46 am
Rass special kaliiabor

সমগ্ৰ ৰাজ্যজুৰি গুৰুজনাৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত শ্ৰী কৃষ্ণৰ ৰাসলীলা উলহ মালহৰে পালন হৈ আছে।

ৰাজ্যৰ গাঁৱে ভূঞে এতিয়া ৰাসকলৈ উখল মাখল পৰিবেশ। ব্যতিক্ৰম নহয় কৰিয়াবৰো।কলিয়াবৰতো উলহ মালহৰে ৰাসলীলা অনুষ্ঠিত হৈ আহিছে।

ইয়াৰ মাজতে কলিয়াবৰৰ এখন বিশেষ ৰাসে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে। হাটবৰত হাজাৰ সমিতিয়ে অনুষ্ঠিত কৰা হাজাৰৰ ল’ৰা ৰাসে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে।

কিয়নো গুৰুজনাৰ সৃষ্টিৰাজিক সমন্বয়ৰ বাট দেখুৱাই দুজনকৈ মুছলমান ধৰ্মাৱলম্বী যুৱকে সুন্দৰভাৱে গোপীৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হয়।

Also Read: ৰাধা-কৃষ্ণ মাজে, গোপী সৱ নাচে! চন্দ্ৰাৱলী নিশা ৰাসৰ আনন্দত মুখৰ ৰঙিয়াৰ তৰণী

যুৱক দুজনৰ দৃষ্টিত সংস্কৃতিৰ বহল পথাৰখনত কোনোধৰণৰ ভেদাভেদ থাকিব নালাগে। ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই হিন্দু মুছলমানৰ সমন্বয়ৰ বাৰ্তা অটুট ৰাখিবলৈ হ’লে এনেদৰে সংস্কৃতিৰ বহল পথাৰখনত সকলোৱে এক হৈ কাম কৰি যাব লাগিব বুলি মত প্ৰকাশ কৰে যুৱকদ্বয়ে।