NORTHEAST NOW (Assamese)

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm · এন ই নাও নিউজ, গুৱাহাটী

১৯৫২ চনৰ ১১ এপ্ৰিলত আটলাণ্টিক মহাসাগৰত পৰিছিল আমেৰিকাৰ পেন আমেৰিকান এয়াৰৱেজৰ এখন যাত্ৰীবাহী বিমান। এই ভয়ংকৰ দুৰ্ঘটনাটোত যাত্ৰী আৰু বিমান কৰ্মীকে ধৰি মুঠ ৫২ জন লোকৰ মৃত্যু হৈছিল। সেই সময়ত সাগৰত বহু বিচাৰ-খোঁচাৰ কৰাৰ পাছতো দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ কোনো সন্ধান পোৱা হোৱা নাছিল। কিন্তু এতিয়া দীৰ্ঘ ৭৪ বছৰৰ পাছত সাগৰৰ গভীৰ বুকুত সেই অভিশপ্ত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা গৈছে। ইমান বছৰৰ পাছত কেনেকৈ উদ্ধাৰ হল বিমানখন, তাক লৈ সকলোৰে মনত উৎসুকতা জাগিছে।

সেই অভিশপ্ত দিনটোত অৰ্থাৎ ১৯৫২ চনৰ ১১ এপ্ৰিলৰ দুপৰীয়া ১২ বাজি ১১ মিনিটত বিমানখনে যাত্ৰা আৰম্ভ কৰিছিল। ডিচি-৪ ফ্লাইট ৫২৬এ নামৰ এই বিমানখনে কেৰিবিয়ান দ্বীপপুঞ্জৰ পুয়েৰ্তো ৰিকোৰ ছান জুয়ান ইছলা গ্ৰান্দে বিমানবন্দৰৰ পৰা নিউয়ৰ্ক অভিমুখে ৰাওনা হৈছিল। কিন্তু আকাশলৈ উৰা মৰাৰ মাত্ৰ ন মিনিটৰ পাছতেই মাজ আকাশত বিমানখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু পোনে পোনে গৈ আটলাণ্টিক মহাসাগৰৰ পানীত আছাৰ খাই পৰে।

দুৰ্ঘটনাৰ সময়ত বিমানখনত মুঠ ৬৪ জন যাত্ৰী আৰু পাইলটক ধৰি ৫ জন কৰ্মী উপস্থিত আছিল। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই ভয়াবহ বিমান বিপৰ্যয়ৰ পৰা ১২ জন যাত্ৰীকে ধৰি মুঠ ১৭ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গৈছিল। বাকী আটাইকেইজন লোক আটলাণ্টিকৰ গভীৰ বুকুত চিৰদিনৰ বাবে নিমিষতে হেৰাই গৈছিল। এতিয়া ৭৪ বছৰৰ মূৰত ডিচকাভাৰী চেনেলৰ বিখ্যাত ধাৰাবাহিক এক্সপেডিচন আনননৰ সদস্যসকলে এই বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি উলিওৱাত সফল হৈছে।

উল্লেখযোগ্য যে, ১৯৫২ চনৰ পাছৰ পৰাই পেন আমেৰিকান এয়াৰৱেজৰ এই বিমানখনৰ সন্ধানত বহুতো অভিযান চলোৱা হৈছিল। অৱশেষত সাগৰৰ গভীৰলৈ অত্যাধুনিক ড্ৰোণ পঠিয়াই এই বৃহৎ সফলতা লাভ কৰা হৈছে। জানিব পৰা মতে, আটলাণ্টিক মহাসাগৰৰ প্ৰায় ২০০০ ফুট গভীৰতাত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। ডিচকাভাৰী চেনেলে এক বিবৃতিত প্ৰকাশ কৰা মতে, পুয়েৰ্তো ৰিকোৰ উত্তৰ উপকূলৰ পৰা কিছু দূৰত সাগৰৰ তলিত এই হেৰুওৱা বিমানখন পোৱা গৈছে। সঁচাকৈয়ে এই আৱিষ্কাৰ যেন এক ইতিহাসৰ পুনৰ্জন্ম।

 

Related News