NORTHEAST NOW (Assamese)
অসম

১৭ তাৰিখে বজাৰত মুকলি হ’ব Redmi K20 আৰু Redmi K20 Pro – কিমান দামত ক্ৰয় কৰিব পাৰিব চাওঁক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2019 7:30 pm
05_07_2019-redmi-k20-pro_19373027

স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে জুলাই মাহত আছে কেইবাটাও ভাল খবৰ। বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই মাহৰ ১৭ তাৰিখে ভাৰতৰ মোবাইল বজাৰলৈ আহি আছে ৰেডমি কে ২০ (Redmi K20) আৰু ৰেডিমি কে ২০ প্ৰ’ (Redmi K20 Pro)। এই কথা জনাইছে চাওমিয়ে।

মুকলিৰ লগে লগে দুয়োটা ফোনে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছে। জানিব পৰা মতে ৰেডমি কে ২০ ফোনটোৰ ভাৰতীয় বজাৰ মূল্য ১৮ হাজাৰৰ পৰা ২০ হাজাৰ টকা আৰু ৰেডমি কে ২০ প্ৰ’ ফোনটোৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব।

ৰেডমি কে ২০ প্ৰ’ৰ বৈশিষ্ট্য

১. ডুৱেল ছিম(নেনো)

২. ৬.৩৯ ইঞ্চিৰ স্ক্ৰীণ(ফুল এইচ ডি)।

৩. স্নেপড্ৰেগন ৮৫৫ প্ৰচেছৰ

৪. ৮ জিবি ৰেম

৫. ২৫৬ জিবি ইন্টাৰেনল ষ্টোৰেজ।

৬. তিনিটা ৰেয়াৰ কেমেৰা। প্ৰাইমাৰী কেমেৰা(৪৮ মেগা পিক্সেল), ছেকেণ্ডাৰী কেমেৰা (১৩ মেগা পিক্সেল) আৰু তৃতীয়টো চেঞ্চৰ ৮ মেগা পিক্সেলৰ। তদুপৰি ভিডিঅ’ কলিং আৰু ছেল্ফিৰ বাবে দিছে ২০ মেগা পিক্সেলৰ পপ আপ ছেল্ফি কেমেৰা।

৭. ৪০০০ এম এ এইচ বেটেৰী।

৮. ওজন ১৯১ গ্ৰাম।

ৰেডমি কে ২০ৰ বৈশিষ্ট্য

ৰেডমি কে ২০ৰ প্ৰচেছৰ ৭৩০। ইয়াৰ বাহিৰে ৰেডমি কে ২০ দেখিবলৈ আৰু ইয়াৰ বৈশিষ্ট্য প্ৰায় ৰেডমি কে ২০ প্ৰ’ৰ দৰে।

উল্লেখ্য যে ৰেডমি কে ২০ আৰু কে ২০ প্ৰ’ৰ উপৰি অহা ১৫ জুলাইত মোবাইল বজাৰত উপলব্ধ হ’ব ৰিয়েলমি এক্স। মোবাইল বিশেষজ্ঞ সকলৰ মতে ৰেডমি কে ২০ ছিৰিজে ৰিয়েলমি এক্সক যথেষ্ট প্ৰত্যাহ্বান জনাব।