NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাতংকৰ মাজতে IIT খৰগপুৰৰ আৱিষ্কাৰ : মাত্ৰ এঘন্টাতে ওলাব কোভিড টেষ্টৰ ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 8:24 pm
index.jpg0

ভাৰতৰ খৰগপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবদ্যাৰ প্ৰতিষ্ঠান(IIT)এ মাত্ৰ এঘণ্টাৰ ভিতৰতে কোভিড টেষ্ট ফলাফল পাব পৰা এক যন্ত্ৰ আৱিষ্কাৰ কৰিছে।

বিশ্বৰ প্রথমটো বহনযোগ্য ক’ৰ’না পৰীক্ষাৰ ক্ষুদ্ৰ যন্ত্ৰ আৱিষ্কাৰ কৰা দাবী কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনৰ গৱেষকসকলে।

গৱেষকসকলৰ দাবী যে যন্ত্ৰটো কেৱল বহনযোগ্যই নহয় কম খৰচীও।

তেওঁলোকৰ মতে যি সময়ত বজাৰত টিপিচিআৰ যন্ত্ৰৰ মূল্য প্ৰায় ১৫ লাখ টকা সেই সময়ত এই যন্ত্ৰটোৰ দাম মাত্ৰ ২ হাজাৰ টকাহে।

খুব কম ক্ষমতাসম্পন্ন বিদ্যুৎ ব্যৱস্থাৰে চলিবলগীয়া এই যন্ত্ৰটোৱে মাত্ৰ এঘণ্টাৰ ভিতৰতে কোভিড টেষ্টিঙৰ ফলাফলো দিবলৈ সক্ষম হ’ব।

শনিবাৰে খৰগপুৰ আইআইটিৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ কুমাৰ তিৱাৰীয়ে উদ্বোধন কৰা এই কোভিট টেষ্টিং যন্ত্ৰটো সৌৰচালিত বিদ্যুতৰ দ্বাৰা পৰীক্ষা সম্পন্ন কৰিব পাৰি নেকি তাৰো পৰীক্ষা কৰা হ’ব বুলি জনাইছে প্ৰতিষ্ঠানখনে।

প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনৰ সঞ্চালক অধ্যাপক বীৰেন্দ্ৰ কুমাৰ তিৱাৰীয়ে কয়, “কোভিড পৰীক্ষাৰ এই যন্ত্ৰটো আৱিষ্কাৰ প্ৰতিষ্ঠানটোৰ এটা মাইলৰ খুঁটি হিচাপে বিশ্বৰ ইতিহাসত লিখা থাকিব।”

প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখনৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক সুমন চক্ৰৱৰ্তীৰ মতে এই যন্ত্ৰটো এজন সাধাৰণ স্বাস্থ্যকৰ্মীয়েও ব্যৱহাৰ কৰিব পাৰিব। ইয়াক ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে প্ৰশিক্ষিত টেকনিছিয়ানৰ প্ৰয়োজন নহ’ব।

“আমি ৫০০ ছিনথেটিক নমুমাৰ পৰীক্ষা টিপিচিআৰ আৰু আমাৰ যন্ত্ৰটোত কৰিছিলো। দুয়োটাতে ফলাফল একেই পোৱা গৈছে। আমাৰ যিহেতু মানৱ দেহৰ পৰীক্ষা কৰাৰ অধিকাৰ নাই, সেয়ে আমি ছিনথেটিক নমুনা ব্যৱহাৰ কৰিছো। আমি বিশ্বাস, আইচিএমআৰ-এ এই যন্ত্ৰৰটো ব্যৱহাৰ কৰি একে ফলাফলেই পাব।” প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখনৰ অধ্যাপক তথা জীৱাণু গৱেষক অৰিন্দম মণ্ডলে এইদৰে কয়।