NORTHEAST NOW (Assamese)

ৰাণীৰ চাতাৰ গাঁৱত উদ্ধাৰ হোৱা আঘাতপ্ৰাপ্ত দঁতাল হাতীৰ মৃত্যু

May 2, 2019 5:15 pm · এন ই নাও নিউজ
বুধবাৰে ৰাণীৰ চাতাৰ গাঁৱত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল হাতীটো।

মংগলবাৰে মহানগৰীত হঠাৎ এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণে চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছতেই মহানগৰীৰ সমীপৰ ৰাণীৰ চাতাৰ গাঁওত এটা গুৰুতৰভাৱে আহত দঁতাল বনৰীয়া হাতী উদ্ধাৰ কৰা হৈছিল। বনবিভাগে উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হাতীটোৰ আজি মৃত্যু হয়।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীটো মংগলবাৰেই নিশা ৰাণীৰ চাতাৰ গাঁৱৰ পিতনিত পৰি আৱদ্ধ হৈ আছিল। বুধবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি লগে লগে ৰাণী বনাঞ্চলিক কাৰ্যলয়ক খবৰ দিয়াত ৰেঞ্জাৰ মনোৰঞ্জন বৰ্মনৰ নেতৃত্বত যোৱা বন কৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে মুখ আৰু ভৰিত আঘাত পোৱা হাতীটোক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে।

প্ৰায় ৭  ঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত পিতনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা হাতীটোক ৰাণী বন বিভাগে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কিছু সকাহ দিবলৈ সক্ষম হৈছিল। কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতীটোৱে আজি কৰুণভাৱে মৃত্যুক আকোৱালি লয়।

ইপিনে, আজি মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছতে হাতীটোক বনবিভাগে সমাধিস্থ কৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি হাতীটোৱে এইদৰে কৰুন মৃত্যুক সাৱটি লোৱাৰ ঘটনাই সংশ্লিষ্ট সকলোকে মৰ্মাহত কৰিছে।

Related News