NORTHEAST NOW (Assamese)
দেশ

লোভেই পাপ, পাপেই মৃত্যু : পুৱা হাতত হেণ্ডকাফ লগোৱা অৱস্থাত সাৰ পালে মদৰ দোকানত সোমোৱা চোৰে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 1, 2025 12:39 pm

মদৰ দোকানত চুৰি কৰিবলৈ সোমাইছিল এটা চোৰ। টকাখিনি চুৰি কৰাৰ পিছত চকু পৰিল মদৰ বটলত। লোভ সামৰিব নোৱাৰি গলাধকৰণ কৰিলে মদৰ বটল। তাৰপিছত তাতেও টোপনি হ’ল বেচেৰা চোৰ।

সোমবাৰে নিশা তেলেংগানাত সংঘটিত হয় এই ঘটনা। মঙলবাৰে পুৱা যেতিয়া চোৰটোৱে সাৰ পাই উঠে তেতিয়া আৰক্ষীয়ে তেওঁক হেণ্ডকাফ লগাই থকা অৱস্থাত উদ্ধাৰ কৰে।

টকাৰ বাবেই চোৰে নৱবৰ্ষৰ পূৰ্বে এনে অপৰাধ সংঘটিত কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰাতিৰ আন্ধাৰত দোকানখনত সোমাই নগদ ধনৰ বাকচৰ পৰা টকা চুৰি কৰিছিল চোৰটোৱে।

জানিব পৰা মতে চুৰিৰ পিছত তেওঁ দোকানৰ মজিয়াত বহি এটাৰ পিছত এটাকৈ মদৰ বটল খাইছিল। তাৰপিছত আৰু উঠিব নোৱাৰিলে চোৰটোৱে। পিছদিনা আৰক্ষীৰ জিম্মাতহে সাৰ পায় চোৰটোৱে।