NORTHEAST NOW (Assamese)
অসম

ঐতিহাসিক বাসুদেৱ থান-নৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ মুখ্যমন্ত্ৰীলৈ কি বিশেষ অনুৰোধ?

Posted by: পার্শ্বজোতি গগৈ September 6, 2021 1:13 pm
Narua satra, basudev than

অসমৰ এখন জাগ্ৰত থান হিচাপে পৰিচিত বাসুদেৱ থান। এই থানক নৰোৱা সত্ৰ বুলিও জনা যায়।

ইতিহাস প্ৰসিদ্ধ এই বাসুদেৱ থান-নৰোৱা সত্ৰ লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত। ইতিহাস প্ৰসিদ্ধ চম্পা নদী বৰ্তমান চামপৰা নদী আৰু কঢ়া নদীৰ মাজত অৱস্থিত এই বাসুদেৱ থান নৰোৱা সত্ৰ এখনি প্ৰখ্যাত বৈষ্ণৱ পীঠ।

এই থানখনৰ ঐতিহ্য বুলি ক’লে ইয়াত থকা কলীয়া শিলত নিৰ্মিত বাসুদেৱৰ প্ৰাচীন চতুৰ্ভূজ মূৰ্তিখনি। এই মূৰ্তিৰ উচ্চতা প্ৰায় ১. ২০ মিটাৰ।

বহুতৰ মতে ৰুক্মিণীয়ে শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ নিতৌ পূজা-অৰ্চনা কৰা মূৰ্তি ভাগেই  বাসুদেৱ থানত থকা এই মূৰ্তি ভাগ বুলি কয়।

বাসুদেৱৰ সেৱক তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱেন্দ্ৰ দেৱ গোস্বামীৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী বাসুদেৱ থান-নৰোৱা সত্ৰৰ ইতিবৃত্ত নামৰ গ্ৰন্থখনিত উল্লেখ কৰা মতে ১৬৫৬ শকত আহোম ৰজা শিৱসিংহ কোঁৱৰে ৰৌমাৰী পথাৰত ২৫০০ পূৰা দেৱোত্তৰ মাটি দান দি নতুনকৈ সত্ৰখন প্ৰতিষ্ঠা কৰে। বাসুদেৱ থানখনক নতুনকৈ প্ৰতিষ্ঠা কৰা বাবে এই থানক নৰোৱা সত্ৰ বুলিও কোৱা হয়।

স্বৰ্গদেউ শিৱসিংহই বাসুদেৱ থানক মাটি দান দিয়া তাম্ৰ-পাত্ৰ আজিও সত্ৰখনত সংৰক্ষিত হৈ আছে। ইয়োৰোপৰি সত্ৰখনত সংৰক্ষিত হৈ আছে গৰুড়ৰ মূৰ্তিৰ লগতে বহু সাঁচি পাতৰ পুথি।

বাসুদেৱ থান নৰোৱা সত্ৰত প্ৰধানত তিনিটা উৎসৱ উলহ মালহেৰে পালন কৰা হয়। দৌল উৎসৱ, বছৰেকীয়া পাল নাম আৰু ৰাস উৎসৱ।

এই ঐতিহাসিক থানখন দৰ্শন কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা দৈনিক হাজাৰ হাজাৰ ভক্তই ভিৰ কৰেহি। জনশ্ৰুতি অনুসৰি এই থানত ভক্তই যি আশা লৈ সেৱা আগবঢ়ায় সেই আশা পূৰণ হয়।

আনহাতে, বাসুদেৱ থান- নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ  যে তেওঁ এবাৰ বাসুদেৱ থানলৈ আহক। বিভিন্ন সমস্যাৰে জৰ্জৰিত থানখন অসমৰ ভিতৰত এখন অন্যতম বৈষ্ণৱ পীঠ হিচাপে গঢ়ি তোলক।