NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ পাটবাউসী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ দেৱ গোস্বামীৰ দেহাৱসান

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস August 21, 2019 12:11 pm
Guru Krishna Deva Goswami

চাৰিওজনা মহাপুৰুষৰ অন্যতম দামোদৰদেৱৰ একনিষ্ঠ সেৱক, বিদ্যা ভাস্কৰ, বৈকুণ্ঠ ভূষণ আদি ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তথা পাটবাউসী দামোদৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ গুৰুকৃষ্ণ দেৱ গোস্বামীৰ আজি দেহাৱসান হয়।

যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকা সত্ৰাধিকাৰগৰাকীয়ে আজি পুৱা প্ৰায় ৯ বজাত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

মহাপুৰুষ দামোদৰদেৱৰ প্ৰচাৰ আৰু প্ৰসাৰত আজীৱন ব্যস্ত হৈ থকা গোস্বামীয়ে প্ৰায় চল্লিশ বছৰ ধৰি সত্ৰখনৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ আছিল।

তেখেতৰ কৰ্মৰাজিৰ বাবে বেনাৰসৰ অখিল ভাৰত বিদ্যৎ পৰিষদে তেখেতক “বিদ্যা ভাস্কৰ” বঁটা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও গোস্বামীয়ে বৈকুণ্ঠ ভূষণ, বৈষ্ণৱধৰ্মভূষণম আদি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ।

মানৱ-দৰদী সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে।