NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম January 25, 2021 2:17 pm
Biswanath

সোমবাৰে বিশ্বনাথত অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধিনত ইলেকট্ৰিক বাছ তথা ইলেকট্ৰনিক বাছ চাৰ্জিং ষ্টেচনৰ শুভ উদ্বোধন কৰা হয়।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গুৱাহাটীত আৰু দ্বিতীয়টো ষ্টেচন আজি বিশ্বনাথ চাৰিআলিত মুকলি কৰা হয়।

২ ঘণ্টা চাৰ্জ কৰি ১২০ কিলোমিটাৰ অতিক্ৰম কৰিব পৰা এই বাছত যাত্ৰা কৰিব পাৰিব ২৭ গৰাকী যাত্ৰীয়ে।

প্ৰদুষণমুক্ত এখন সুস্থ সমাজ সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

প্ৰায় ১কোটি ৭৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই চাৰ্জিং ষ্টেচন শুভ উদ্বোধন কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে।

এই অনুষ্ঠানত লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় সহ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।