NORTHEAST NOW (Assamese)
অসম

’খেল এতিয়াও শেষ হোৱা নাই’-পাকিস্তান সন্দৰ্ভত ৱাছিম আক্ৰমৰ ইংগিতেই সত্য হ’ল!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2022 5:48 pm

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পৰামৰ্শ অনুসৰিয়েই দেশখনৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে সংসদ ভংগ কৰি দিছে। ইয়াৰ পূৰ্বে দেশখনৰ নিম্ন সংসদৰ উপাধ্যক্ষ কাছিম খান সুৰিয়ে অনাস্থা প্ৰস্তাৱ নাকচ কৰে।

ইমৰাণ খানৰ সংসদ ভংগৰ পৰামৰ্শই একপ্ৰকাৰ বিৰোধীসকলক হতচকিত কৰি তুলিছে।

এই সন্দৰ্ভত ইমৰাণ খান চৰকাৰৰ প্ৰসংগত এসময়ৰ সতীৰ্থ ক্ৰিকেটাৰ ৱাছিম আক্ৰমৰ ইংগিতেই  সত্য হ’ল নেকি সেয়া চৰ্চাৰ মাজলৈ আহিছে। শনিবাৰে অনাস্থা প্ৰস্তাৱ সম্পৰ্কত আক্ৰমে কৈছিল যে ‘খেল এতিয়াও শেষ হোৱা নাই’।

লগতে পঢ়ক: পাকিস্তানৰ সংসদ ভংগ কৰিলে ৰাষ্ট্ৰপতিয়ে; পুনৰ দেশৰ জনসাধাৰণৰ ৰায় ল’ব ইমৰাণ খানে

ইমৰাণৰ খানৰ সংকটৰ সময়ত কাষত থিয় দিছে প্ৰাক্তন পাকিস্তানী বেগী বলাৰগৰাকী। আক্ৰমে টুইট কৰি লিখিছে, ‘’তেওঁৰ নেতৃত্বৰ বাবে, যুঁজ আৰু জয়ৰ বাবে জন্ম হৈছে। নিজৰ বাবে নহয়, তেওঁ যাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকৰ বাবে। তেওঁ ক্ষমতা, কৃতিত্বৰ বাবে যুঁজ দিয়া নাই, এইটোৱে তেওঁৰ ভাগ্য। খেলা এতিয়াও শেষ হোৱা নাই।‘’

পাকিস্তানৰ সংসদ ভংগৰ পিছত এতিয়া পৰৱৰ্তী ৯০ দিনৰ ভিতৰত দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। তেতিয়ালৈ  ইমৰাণ খানেই দেশখনৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।