NORTHEAST NOW (Assamese)
অসম

অসমৰ ভোটাৰৰ বাবে গুৰুত্বপূৰ্ণ খবৰ : অহা ২২ জানুৱাৰীত সমাপ্ত হ’ব বিশেষ সংশোধনৰ প্ৰক্ৰিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2026 9:25 pm

অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া অহা ২২ জানুৱাৰী বৃহস্পতিবাৰে অন্ত পৰিব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি এইটোৱেই হব দাবী আৰু আপত্তি দাখিল কৰাৰ অন্তিমটো দিন। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে যত উল্লেখ কৰা হৈছে যে ২০২৫ চনৰ ১৭ নৱেম্বৰৰ নিৰ্দেশনা অনুসৰিয়েই এই সমগ্ৰ প্ৰক্ৰিয়া চলি আছে। সেয়েহে এতিয়ালৈকে যিসকল লোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰা নাই বা কিবা সংশোধন কৰিবলগীয়া আছে, তেওঁলোকে উক্ত নিৰ্ধাৰিত সময়ৰ ভিতৰতে আবেদন জনাব লাগিব।

নতুনকৈ নাম পঞ্জীয়ন কৰিব বিচৰা অৰ্হতাসম্পন্ন লোকসকলে ৬ নম্বৰ ফৰ্ম জমা দিব লাগিব। যদি কোনো লোকৰ নাম কাটিব লাগে বা কাৰোবাৰ নামৰ বিৰুদ্ধে আপত্তি থাকে, তেন্তে ৭ নম্বৰ ফৰ্ম পূৰণ কৰিব লাগিব। একেদৰে ভোটাৰ তালিকাত থকা নাম-ঠিকনাৰ ভুল শুধৰণিৰ বাবে বা বাসস্থান সলনি হোৱাৰ বাবে ৮ নম্বৰ ফৰ্ম ব্যৱহাৰ কৰিব পাৰিব। এই আটাইকেইখন আবেদন ২২ জানুৱাৰীৰ ভিতৰত জমা দিয়াটো বাধ্যতামূলক।

আবেদনকাৰীসকলে নিজৰ আবেদনসমূহ পোনপটীয়াকৈ নিজৰ অঞ্চলৰ বুথ লেভেল অফিচাৰ অৰ্থাৎ বিএলঅৰ ওচৰত জমা দিব পাৰিব। ইয়াৰ উপৰি সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ক বিষয়া বা সহকাৰী নিৰ্বাচন পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়তো এই ফৰ্মসমূহ গ্ৰহণ কৰা হব। যিসকল লোকে ঘৰত বহিয়েই এই কাম কৰিব বিচাৰে, তেওঁলোকে অনলাইনযোগে ভিঅটাৰ্ছ সেৱা পৰ্টেল বা মবাইল এপ্লিকেচনৰ সহায়তো আবেদন কৰিব পাৰিব। আইন অনুসৰি এজন ভোটাৰে নিজৰ সমষ্টিত যিকোনো সংখ্যক ৭ নম্বৰ ফৰ্ম জমা দিব পাৰিব আৰু ইয়াৰ কোনো নিৰ্দিষ্ট সীমা নাই।

প্ৰতিগৰাকী সচেতন নাগৰিকক খচৰা ভোটাৰ তালিকাত নিজৰ নামটো পৰীক্ষা কৰি চাবলৈ অনুৰোধ জনোৱা হৈছে। যদি তালিকাখনত কিবা বিসংগতি আছে বা নামটো উঠা নাই, তেন্তে ২২ জানুৱাৰীৰ আগতেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে এজনো যোগ্য ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয়। এই গোটেই বিষয়টোৰ ওপৰত অধিক জানিবলৈ বা কিবা অসুবিধা পালে ওচৰৰ বিএলঅৰ সৈতে যোগাযোগ কৰিব পাৰিব অথবা নিৰ্বাচন আয়োগৰ টোল-ফ্ৰী হেল্পলাইন নম্বৰ ১৯৫০ ত ফোন কৰি সহায় লব পাৰিব।