NORTHEAST NOW (Assamese)
Popular Stories

শ্বেন ৱাৰ্ণৰ বায়’পিকৰ অন্তৰংগ দৃশ্যত “অঘটন”! হাতৰ গাঁঠি ভাঙিল অভিনেত্ৰীৰ, মূৰ ফাটিল অভিনেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2023 1:40 pm

শ্বেন ৱাৰ্ণৰ জীৱনকলৈ মিনি ছিৰিজ। তাৰেই শ্বুটিং চলিছিল। কিন্তু এটা দৃশ্যৰ শ্বুটিং কৰি থাকোঁতে সংঘটিত হয় অঘটন! দৃশ্যটো আছিল এক অন্তৰংগ দৃশ্যৰ। আৰু সেই দৃশ্য ৰূপায়ন কৰি থাকোঁতে শ্বেনৰ চৰিত্ৰত অভিনয় কৰা এলেক্স উইলিয়ামছৰ মূৰ ফাটি গ’ল। প্ৰাক্তন পত্নীৰ চৰিত্ৰত অভিনয় কৰা মাৰ্নি কেনেডীৰ হাতৰ গাঁঠি ভাঙি গ’ল! ঘনিষ্ঠ দৃশ্য এটাৰ ৰূপায়নত এনে কৰুণ পৰিণতি সঁচাকৈয়ে কল্পনাতীত। কিন্তু এইটো কেনেকৈ ঘটিল?

সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই বিষয়টো পোহৰলৈ আহিছে। জনা গৈছে যে অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণক লৈ এখন মিনি ছিৰিজ নিৰ্মাণ কৰা হৈছে। অষ্ট্ৰেলিয়াৰ চেনেল নাইনে প্ৰযোজনা কৰিছে এই ধাৰাবাহিকখন। সেই ধাৰাবাহিকখনত এলেক্স উইলিয়ামছে শ্বেনৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰাক্তন পত্নী ছিমন কেলাহানৰ চৰিত্ৰত আছে মাৰ্নি কেনেডী।

লগতে পঢ়ক: দেশৰ ন্যায়িক ব্যৱস্থাক আক্ৰমণ তথ্য চুৰিত অভিযুক্ত ট্ৰাম্পৰ; সমৰ্থকক ঐক্যবদ্ধ হোৱাৰ আহ্বান

বিচনাৰ অন্তৰংগ দৃশ্য এটাৰ শ্বুট কৰা হৈছিল। কিন্তু সেই বিচনাখন ইমান ‘ঘাতক বিচনা’ কেনেকৈ হ’ল? মাৰ্নীয়ে কয়, “আমি এটা কৰিড’ৰৰ মাজেৰে আহি আছিলো। কথা আছিল আমি তাৰ পৰা বেডৰুমলৈ লৰালৰিকৈ সোমাই বিচনাখনত জপিয়াই পৰিম। কিন্তু এনে কপাল, দুয়োজনে ভুল লক্ষ্যত জপিয়াই পৰিলো।”

আৰু তাৰ ফলতেই মূৰ ফটা আৰু হাতৰ গাঁঠি ভাঙি যোৱাৰ দুৰ্দশা! সেই ঘটনাৰ কথা ক’বলৈ গৈ হতাশাৰ সৈতে মাৰ্নীয়ে কয়, “অৱশেষত আমি জৰুৰীকালীন কক্ষত বহি থাকিব লগা হ’ল। তেওঁৰ মূৰত বেণ্ডেজ লগোৱা হৈছে। আৰু মোৰ হাতৰ গাঁঠিও বেণ্ডেজেৰে ঢাকি থোৱা।”

লগতে পঢ়ক: চাৰি দশকৰ পিছত ৰহস্যৰ সমাধান; ৪০ বছৰ পূৰ্বৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ সন্দেহজনক অপৰাধী!

শ্বেন ৱাৰ্ণৰ ওপৰত মিনি ছিৰিজখনক লৈ যথেষ্ট কৌতুহলৰ সৃষ্টি হৈছে। কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ ছমাহৰ ভিতৰতে চেনেল নাইনে ঘোষণা কৰিছিল যে বিখ্যাত লেগস্পিনাৰগৰাকীক কেন্দ্ৰ কৰি দুটা খণ্ডৰ মিনি ছিৰিজ নিৰ্মাণ কৰা হ’ব। সেই ধাৰাবাহিকখনৰ অন্তৰংগ দৃশ্যৰ শ্বুটিঙৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা!