NORTHEAST NOW (Assamese)
দেশ

বিদেশী আৰ্থিক প্ৰতিষ্ঠানৰ পৰা ১২৫ মিলিয়ন ডলাৰ ধাৰ ল’ব ষ্টেট বেংকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 27, 2024 9:53 pm
বিদেশী আৰ্থিক প্ৰতিষ্ঠানৰ পৰা ১২৫ মিলিয়ন ডলাৰ ধাৰ ল’ব ষ্টেট বেংকে

ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অব ইণ্ডিয়াই এইবাৰ বৃহৎ ঋণ ল’বলৈ ওলাইছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি এছ বি আইয়ে ১২৫ মিলিয়ন ডলাৰ ঋণ লোৱাৰ পৰিকল্পনা কৰিছে। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ১০ হাজাৰ ৫৫৬ কোটি টকাতকৈও অধিক।

জানিব পৰা মতে, এইটোৱেই হ’ব দেশৰ বিত্তীয় খণ্ডৰ সৰ্ববৃহৎ ফিক্সড লোন।

সাধাৰণতে ভাৰতৰ বেংকসমূহে ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বাবে সদায় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লয়।

কিন্তু এইবাৰ ঋণ লোৱাৰ বাবে বাছি লৈছে তিনিটা বিদেশী বিত্তীয় প্ৰতিষ্ঠানক।

ব্লুমবাৰ্গৰ তথ্য অনুসৰি এই তিনিটা প্ৰতিষ্ঠান হৈছে চিটিবিচি বেংক, এইচএছবিচি হোল্ডিংছ আৰু টাইপেই ফুবন বেংক।

বিত্তীয় বিশ্লেষকসকলৰ মতে, যোৱা কেইদিনমানৰ পৰা ভাৰতীয় মুদ্ৰাৰ মূল্য ডলাৰৰ বিপৰীতে হ্ৰাস পাইছে। বৰ্তমান ডলাৰৰ মূল্য বৃদ্ধি পাই প্ৰায় ৮৫ টকা হৈছেগৈ। এই পৰিস্থিতিত যদি ষ্টেট বেংকে ডলাৰত ঋণ লয় তেন্তে পৰিস্থিতি কিছু পৰিমাণে চম্ভালিব পৰা যাব।