NORTHEAST NOW (Assamese)
অসম

নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে ৰাজ্য চৰকাৰে; নিম্ন প্ৰাথমিকত অন্তৰ্ভুক্ত চাৰিটা নতুন জনজাতীয় ভাষা

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী February 12, 2022 12:56 pm
Ranuj-Pegu-Final-750x375

ৰাজ্য চৰকাৰে আন এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰাই দিলে। উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল বিহু।বিহুৰ লগতে স্বদেশ অধ্যয়ন পাঠ্যক্ৰমো আঁতৰোৱাৰ কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।

চৰকাৰে ঢাক-ঢোল বজাই উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছিল বিহুৰ পাঠ্যক্ৰম। পাঠ্যক্ৰমত স্বদেশ অধ্যয়ন পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ কথাও ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

আনহাতে, শুকুৰবাৰে শিক্ষা মন্ত্ৰী  পেগুৱে অসমত চাৰিটা জনজাতীয় ভাষা, মিচিং, ৰাভা, তিৱা আৰু দেউৰীক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে।

তেওঁ কয়, “চৰকাৰে এই সম্প্ৰদায়সমূহৰ দাবী পূৰণৰ বাবে নিম্ন প্ৰাথমিক বিদ্যালয় পৰ্যায়ত চাৰিটা জনজাতীয় ভাষাক শিক্ষাদানৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষা প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে।‘’

লগতে পঢ়ক:ৰাজ্যত পুনৰ যুৱতী নিৰুদ্দেশৰ ঘটনা; শিৱসাগৰ আমগুৰিৰ দ-ঘৰফলীয়াৰ পৰা নিৰুদ্দেশ কলেজীয়া ছাত্ৰী

শিক্ষণ পদ্ধতি সমূহ বহুভাষিক হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে পাঠ্যপুথি এনেদৰে বিকশিত কৰা হ’ব যাতে শিশুৱে ৰাভা ভাষা শিকাৰ সময়ত অসমীয়া বা ইংৰাজীও অধ্যয়ন কৰিব পাৰে।

চৰকাৰে এই ভাষাসমূহক কেৱল এই বছৰৰ বাবে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিব। কিন্তু ইয়াৰ পাঠ্যপুথি প্ৰণয়নৰ দৰে কাৰিকৰী সমস্যা আছে।

আনহাতে, ভাষা সমূহৰ অৰ্হতা থকা বিদ্যালয় আৰু শিক্ষকক ইয়াৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে বাছনি কৰা হ’ব। অন্যথা এই ভাষাকেইটা ২০২৩ চনত প্ৰৱৰ্তন কৰা হ’ব।