NORTHEAST NOW (Assamese)
অসম

সৰ্বত্ৰ চৰ্চিত ‘ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি’ৰ আঁৰৰ কাহিনী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 25, 2019 7:29 pm
2b4087a8-5fac-4e8f-aacf-3b52b94707a4

ফেচবুক খুলিলেই এতিয়া প্ৰায়সংখ্যক ব্যৱহাৰকাৰীৰ ৱালত দেখা যায় এটি গীত। গীতটিত আছে মাত্ৰ দুটা শাৰী। কিন্তু তিনিটা শব্দ থকা দুটা শাৰীয়েই অকাই পকাই প্ৰায় ৩ মিনিটমান গায়কে ভিন্ন সুৰত পৰিৱেশন কৰিছে। যোৱা দুদিন ধৰি ফেইচবুক-য়ু-টিউবত বিশেষ চৰ্চাত আছে এই গীতটি।

ভিন্নজনে এই গীতটিক লৈ ক’মেডি কৰাও দেখিবলৈ পোৱা গৈছে। কিছুসংখ্যকে এই গীতৰ সৈতে কৌতুক অভিনেতা ৰাজকুমাৰ ঠাকুৰীয়াৰ আজৱ নৃত্য, মন্ত্ৰী হিমন্ত বিশ্বৰ নাচোন, বলিউডৰ জনপ্ৰিয় তথা জ্যেষ্ঠ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ ডিস্ক’ ডেন্স ইত্যাদি ভিডিঅ’ সংলগ্ন কৰি আপল’ড কৰিছে ছ’চিয়েল মিডিয়াত।

আপল’ড কৰাৰ লগে লগে ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে গীতটি। উৎকৃষ্ট মনোৰঞ্জন শৈলী থকা গীতটি শুনিলে আপোনাৰ মুখতো হাঁহি বিৰিঙি উঠিব।

কিন্তু এই গীতটিৰ আঁৰতো আছে এক ৰহস্য।  অনুৰাধা শৰ্মা পুজাৰীৰ উপন্যাস ‘নাহৰৰ নিৰিবিলি ছাঁ’ৰ সৈতে আছে ব্যাপক ৰূপত চৰ্চিত গীতটিৰ ওত:প্রোত: সম্পৰ্ক। হেম’ নামৰ এটা চৰিত্ৰৰ মুখত দুটা শাৰীৰ এই গীতটি ফুটাই তুলিছে বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পুজাৰীয়ে। অতি সৰস ৰূপত উপন্যাসখনত গীতটি হেম’ চৰিত্ৰৰ জৰিয়তে ফুটাই তোলাৰ চেষ্টা কৰিছে শৰ্মা পুজাৰীয়ে।

58443831_866579160356170_8017931607727931392_o
অনুৰাধা শৰ্মা পুজাৰীৰ ‘নাহৰৰ নিৰিবিলি ছাঁ’ উপন্যাসৰ ১৯২ পৃষ্ঠাত উল্লেখ থকা গীতাংশ।

উপন্যাসখনৰ ১৯২ পৃষ্ঠাত বহুলভাৱে চৰ্চিত দুশৰীয়া গীতটিৰ সম্পৰ্কে লেখিকাই উল্লেখ কৰিছে এইদৰে ‘’নিশা ভোজ-ভাত খাই উঠাৰ পাছতে আটাইতকৈ ফুৰ্তিবাজ, খুহুতীয়া কথাৰ ভঁৰাল আচাউৰে ক’লে- ভাস্বতী, আমাৰ নেভাৰ ইণ্ডিং বিহুগীতটি নোগোৱা জানো? ভাস্বতীহঁতৰ বন্ধুৰ মাজত এই বিহুগীতটিৰ জনপ্ৰিয়তা আটাইতকৈ বেছি। হেম’ই গায়ে দিলে ‘অ’ ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি, ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি। এইফাঁকি গীত বিভিন্ন সুৰত অকাই পকাই গালে অমিয়, কৃষ্ণ, শান্তনা, বীণা অনুপমা সকলোৱে।‘’

তাৰ পাছতে শেহতীয়াকৈ দুদিন আগত অধিক জনপ্ৰিয়তা লাভ কৰিছে এই গীতটিয়ে। ইপিনে, গীতটিৰ আঁৰত আছে আন এগৰাকী কৌতুক অভিনেতাও। গীতটিত কন্ঠদান কৰিছে বিশিষ্ট কৌতুক অভিনেতা মন্মথ বৰুৱাই। তেওঁ এই গীতটি গাইছিল এক ব্যক্তিগত নিউজ চেনেলৰ ধাৰাবাহিক কৌতুক অনুষ্ঠানত ফুলনিৰ মালিৰ চৰিত্ৰ ৰূপায়ন কৰোঁতে। তাৰ পাছতেই এইবাৰ ব’হাগ বিহুৰ বতৰতে ষ্টুডিঅ’ত গীতটি ৰেকৰ্ডিং কৰি আপল’ড কৰে ছ’চিয়েল মিডিয়াত।

গীতটি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছৰে পৰা মন্মথ বৰুৱালৈ বৃহস্পতিবাৰে পুৱাৰে পৰা অজস্ৰ ফোনকল অহা বুলি জানিব পৰা গৈছে।