NORTHEAST NOW (Assamese)
Popular Stories

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 2, 2026 5:58 pm

১৯৭২ চনৰ ২ জুলাইত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ছিমলা চুক্তি আজিও দুয়োখন দেশৰ মাজত শান্তিৰ এক শক্তিশালী আধাৰ। এই চুক্তি পাকিস্তানৰ নতুন ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টো আৰু ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত হৈছিল। ভুট্টোৰ সৈতে তেওঁৰ কন্যা বেনজীৰ ভুট্টোও ছিমলালৈ আহিছিল। বেনজীৰে তেওঁৰ আত্মজীৱনী ডটাৰ অৱ ডেষ্টিনিত ছিমলা ভ্ৰমণৰ যি বিৱৰণ দিছে, তাৰ পৰা চুক্তিখনৰ ভিতৰুৱা কাহিনী আৰু সেই সময়ৰ ভাৰতীয় সংবাদ মাধ্যমৰ এক সুন্দৰ ছবি ফুটি উঠিছে।

১৯৭১ চনৰ যুদ্ধত ভাৰতৰ হাতত ঢাকা হেৰুৱাৰ চাৰিদিন পিছত, ২০ ডিচেম্বৰত পাকিস্তানৰ ইয়াহিয়া খানে পদত্যাগ কৰিবলগীয়া হয় আৰু জুলফিকাৰ আলী ভুট্টো পাকিস্তানৰ নতুন ৰাষ্ট্ৰপতি হয়। বেনজীৰে লিখিছে যে সেই যুদ্ধত পাকিস্তানৰ ব্যাপক ক্ষতি হৈছিল। তেওঁলোকৰ বায়ুসেনা আৰু নৌসেনাৰ বৃহৎ অংশ ধ্বংস হৈছিল আৰু ৰাজকোষ প্ৰায় খালী হৈ পৰিছিল। পূব পাকিস্তান (বৰ্তমানৰ বাংলাদেশ) হাতৰ পৰা ওলাই গৈছিল আৰু ভাৰতীয় সেনাই পশ্চিম পাকিস্তানৰ ৫০০০ বৰ্গমাইল মাটি দখল কৰাৰ লগতে ৯৩ হাজাৰ পাকিস্তানী সৈন্যক যুদ্ধবন্দী কৰিছিল। পৰিস্থিতি এনেকুৱা আছিল যে বহুতেই ভাবিছিল পাকিস্তানৰ অস্তিত্ব আৰু বেছি দিনলৈ নাথাকিব।

পৰৱৰ্তী বছৰৰ ২৮ জুনত ছিমলাত চুক্তিৰ বাবে আলোচনা নিৰ্ধাৰণ কৰা হয়। ৰাষ্ট্ৰপতি ভুট্টোৱে কন্যা বেনজীৰকো লগত লৈ যায়। সমগ্ৰ পাকিস্তানৰ আশা এই বৈঠকৰ ওপৰত নিৰ্ভৰ কৰিছিল। বেনজীৰে লিখিছে যে তেওঁৰ পিতৃৰ হাতত চুক্তিত বহিবলৈ একো সমল নাছিল আৰু ভাৰতৰ হাততেই সকলো নিয়ন্ত্ৰণ আছিল। চণ্ডীগড়ত বিমান অৱতৰণ কৰাৰ সময়ত পাকিস্তানী প্ৰতিনিধিসকলে ভাবিছিল যে তেওঁলোকে ভাৰতৰ সৈতে শান্তি স্থাপন কৰিব পাৰিব নে খালী হাতেৰে উভতিব লাগিব। পিতৃয়ে বেনজীৰক কঠোৰ নিৰ্দেশ দিছিল যে তেওঁৰ মুখত আনন্দ বা দুখ একোৱেই প্ৰকাশ পাব নালাগে।

চণ্ডীগড়ৰ পৰা হেলিকপ্তাৰেৰে তেওঁলোক ছিমলাত উপস্থিত হয়। ইন্দিৰা গান্ধীয়ে নিজেই তেওঁলোকক আদৰণি জনায়। পৰৱৰ্তী পাঁচ দিন কেৱল আশা আৰু নিৰাশাৰ মাজেৰে পাৰ হৈছিল। আনহাতে বেনজীৰৰ প্ৰতি সাধাৰণ মানুহৰ আকৰ্ষণ বাঢ়িছিল। তেওঁ যেতিয়াই বাহিৰলৈ ওলাই গৈছিল, মানুহে তেওঁক চাবলৈ ভিৰ কৰিছিল আৰু আনকি ট্ৰেফিকো বন্ধ কৰিবলগীয়া হৈছিল। সাংবাদিকসকলেও তেওঁৰ সাক্ষাৎকাৰ লবলৈ হেঁচা মাৰি ধৰিছিল আৰু তেওঁ পিন্ধা কাপোৰৰো বহুত চৰ্চা হৈছিল। ৩০ জুনৰ ডিনাৰত তেওঁ মাতৃয়ে দিয়া এখন চিল্কৰ শাৰী পিন্ধিছিল। ইন্দিৰা গান্ধীয়ে তেওঁক শাৰীখন ভালদৰে টানকৈ বান্ধিবলৈ পৰামৰ্শ দিছিল, যিয়ে বেনজীৰক অলপ ভয় খুৱাইছিল।

ইফালে আলোচনা মেজত কোনো অগ্ৰগতি হোৱা নাছিল আৰু কাশ্মীৰ সমস্যাক লৈ কথা আৱদ্ধ হৈ আছিল। ২ জুলাইত জুলফিকাৰ আলী ভুট্টোৱে বেনজীৰক বস্তু-বাহানি বান্ধিবলৈ কয়, কাৰণ তেওঁলোকে চুক্তি নকৰাকৈয়ে পিছদিনা উভতি যোৱাৰ কথা আছিল। তেওঁ কৈছিল যে ভাৰতৰ চৰ্ত মানি লোৱাতকৈ খালী হাতেৰে ঘূৰি যোৱাই ভাল। সেইদিনা আবেলি ইন্দিৰা গান্ধীৰ সৈতে এক সৌজন্যমূলক সাক্ষাৎ আছিল। তেতিয়াই ভুট্টোৱে এক শেষ চেষ্টা কৰাৰ সিদ্ধান্ত লয়। তেওঁ ইন্দিৰা গান্ধীক এটা প্ৰস্তাৱ দিয়ে আৰু নিশাৰ ডিনাৰৰ সময়ত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সিদ্ধান্ত জনাব বুলি কথা দিয়ে।

নিশাৰ ডিনাৰৰ পিছত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টো এটা সৰু কোঠাত সোমাই পৰে। দুয়োখন দেশৰ প্ৰতিনিধিসকল বেলেগ এটা ডাঙৰ কোঠাত আছিল। প্ৰতিনিধিসকলে বিলিয়াৰ্ড টেবুলখন ডেস্ক হিচাপে ব্যৱহাৰ কৰি কাগজত লিখি লিখি নিজৰ নেতাসকলৰ সন্মতি বা অসন্মতি প্ৰকাশ কৰিছিল। বাৰে বাৰে ড্ৰাফ্ট সলনি কৰা হৈছিল আৰু কোনেও একো গম পোৱা নাছিল। এনে অৱস্থাত পাকিস্তানী প্ৰতিনিধিসকলে এটা সংকেত ঠিক কৰিছিল যে যদি চুক্তি হয় তেন্তে ৰা হৈছেবুলি কব আৰু নহলে ছোৱালী হৈছেবুলি কব।

ৰাতি ১২.৪০ বজাত হঠাতে বেনজীৰ থকা মহলাত ৰা হৈছে! লৰা হৈছে!বুলি চিঞৰ শুনা গল। বেনজীৰ লৰালৰিকৈ তললৈ নামি আহিল। অৱশ্যে তেওঁ সেই ঐতিহাসিক মুহূৰ্তত কোঠাত সোমাব নোৱাৰিলে, কাৰণ তেতিয়ালৈকে চুক্তিত স্বাক্ষৰ হৈ গৈছিল। ইতিহাসত ই ছিমলা চুক্তি নামেৰে চিৰদিনৰ বাবে লিপিৱদ্ধ হৈ ৰল। যদিও পৰৱৰ্তী সময়ত পাকিস্তানে বহুবাৰ এই চুক্তি উলংঘা কৰিছিল আৰু পুলৱামা আক্ৰমণৰ পিছত ইয়াক নিলম্বিত কৰাৰ কথাও কৈছিল, তথাপিও এই চুক্তিৰ ঐতিহাসিক গুৰুত্ব আজিও অপৰিসীম।