শংকিত শিক্ষাৰ্থী! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ হেতালি খেলিলে চৰকাৰে
ফটো: নৰ্থইষ্ট নাও।
উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন বিষয়টো চৰকাৰে আঁতৰোৱা হ’ব বুলি কোৱাৰ পিছতে শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।
কলিয়াবৰৰ আগশাৰীৰ বিদ্যালয় কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলেও এইদৰে শংকিত হৈ পৰা দেখা গৈছে।
বিদ্যালয়খনত প্ৰথম বৰ্ষত শতাধিক ছাত্ৰীয়ে স্বদেশ অধ্যয়ন বিষয়টো পাঠ্যক্ৰম হিচাপে লোৱাৰ বিপৰীতে দ্বিতীয় বৰ্ষত পঞ্চাছ গৰাকী ছাত্ৰীৰ আছে বিষয়টো। ফলত চৰকাৰক বিষয়টো উঠাই নল’বলৈ আহ্বান জনাইছে ছাত্ৰীসকলে।
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থায়ো চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰা দেখা গৈছে।
আনহাতে, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষালৈ মাত্ৰ এমাহ দিন বাকী থকাৰ সময়তে চৰকাৰৰ এনে সিদ্ধান্তত শিক্ষাৰ্থীসকল শংকিত হৈ পৰাৰ কথা জানিবলৈ দিছে।