NORTHEAST NOW (Assamese)
অসম

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক সহযোগীয়ে আগবঢ়ালে জৰিমনা হিচাপে আদায় দিবলগীয়া ১ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 3:35 pm

উচ্চতম ন্যায়ালয়ে প্ৰশান্ত ভূষণক অৱমাননাৰ দোষত ১ টকা জৰিমনা বিহাৰ পাছত তেওঁৰ অধিবক্তা ৰাজীৱ ধাৱানে প্ৰশান্ত ভূষণক জৰিমনাৰ হিচাপে আদায় দিবলগীয়া ১ টকা দিয়াৰ আলোকচিত্ৰ প্ৰশান্ত ভূষণে টুইটাৰত আপলোড কৰে।

”উচ্চতম ন্যায়ালয়ে মোক ১ টকা জৰিমনা বিহাৰ পাছতে মোৰ অধিবক্তা তথা জ্যেষ্ঠ সহযোগী ৰাজীৱে আহি মোৰ হাতত ১ টকাটো অৰ্পণ কৰে আৰু মই সাদৰেৰে ইয়াক গ্ৰহণ কৰো,” টুইটাৰত প্ৰশান্ত ভূষণে লিখে।

আদালতক অৱমাননা কৰাৰ দোষত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক উচ্চতম ন্যায়ালয়ে ১ টকা জৰিমনা বিহিছে।

যদিহে কিবা কাৰণত ১৫ ছেপ্তেম্বৰৰ পূৰ্বে প্ৰশান্ত ভূষণে জৰিমনা হিচাপে ১ টকা আদায় নিদিয়ে তেন্তে তেওঁক তিনিবছৰ ওকালতি কৰা নিষিদ্ধ অথবা তিনিমাহ পৰ্যন্ত কাৰাবাস খাটিবলগীয়া হ’ব পাৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ববদেৰ বিপক্ষে টুইট কৰাৰ বাবে আদালত অৱমাননাৰ দোষত দোষী সাব্যস্ত হৈছিল জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ।