NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ আৰক্ষী থানা চৌহদতো আজি উদযাপন কৰা হয় ৰঙালী বিহু

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ April 15, 2022 8:21 pm

সমগ্ৰ ৰাজ্য ডুব গৈছে ৰঙালীৰ আনন্দত। সেইদৰে তামুলপুৰ আৰক্ষী থানা চৌহদতো আজি উদযাপন কৰা হয় ৰঙালী বিহু। তামুলপুৰ জিলা আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰা হয়।

আৰক্ষী প্ৰশাসনৰ বিষয়াৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ সদস্য অনুষ্ঠানত উপস্থিত থাকে ।

অনুষ্ঠানত তামুলপুৰৰ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰ, এমচিএলএ বিজিত গোড়া নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভাৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিহু উপলক্ষে তামুলপুৰ থানা চৌহদত অনুষ্ঠিত কৰা হয় কণী যুঁজৰ  লগতে বিভিন্ন খেল ধেমালিও।

কণী যুঁজ খেলত অংশ লয় তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ, উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰ উপৰিও কেইবা গৰাকী আৰক্ষী বিষয়া, আৰক্ষী বিষয়াৰ পত্নী সহ পৰিয়ালৰ লোক, দুগৰাকী এমচিএলএ ক্ৰমে হেমন্ত কুমাৰ ৰাভা আৰু বিজিত গৌৰা নাৰ্জাৰী আৰু অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰে।