NORTHEAST NOW (Assamese)
Popular Stories

বিবাহ বহিৰ্ভূত প্ৰেমৰ কৰুণ পৰিণতি! সন্তানৰ সন্মুখতে গছত বান্ধি মাতৃক কৰা হ’ল অমানুষিক অত্যাচাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2024 2:48 pm

এক অমানৱীয় ঘটনাত উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ এখন গাঁৱত এগৰাকী মহিলাক তালিবানৰ দৰে শাস্তি প্ৰদান কৰা হয়। প্ৰেমিকৰ সৈতে কথা পাতি থকা অৱস্থাত ধৰা পৰাত শাস্তি প্ৰদান কৰা হয় মহিলাগৰাকীক। ঘটনাৰ এটা ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পোৱাত ভিডিঅ’টোত দেখা গৈছে যে মহিলাগৰাকীক গছত বান্ধি, চুলি কাটি, ক’লা চিয়াঁহীৰে মুখখন ক’লা কৰি ৰখা হৈছে। গাঁৱৰ এজন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ বাবেই পুত্ৰ-কন্যাৰ সন্মুখত মহিলাগৰাকীক এই শাস্তি দিয়া হয়।

প্ৰতাপগড়ৰ হাতীগাৱা গাঁৱৰ অন্তৰ্গত ছোটকী ইব্ৰাহিমপুৰ গাঁৱত সংঘটিত হয় এই ঘটনা। মহিলাগৰাকীয়ে গাঁৱৰ এজন ল’ৰাৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ উত্থাপন কৰি পঞ্চায়তে দুয়োকে শাস্তি দিয়াৰ নিৰ্দেশ দিয়ে। অৱশ্যে প্ৰেমিকজন কোনোমতে পলাবলৈ সক্ষম হয় আৰু গাঁৱৰ মানুহে মহিলাগৰাকীক ধৰি গছত বান্ধি দিয়ে। মহিলাগৰাকীৰ তিনিটা সন্তান, এজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছিল। ডাঙৰ পুত্ৰৰ বয়স ১২ বছৰ আৰু দুগৰাকী সৰু কন্যা সন্তান আছে।

ল’ৰা-ছোৱালী আৰু স্বামীৰ সন্মুখত এই নৃশংস শাস্তি প্ৰদান কৰা হয় মহিলাগৰাকীক। জানিব পৰা মতে, স্বামীয়ে মুম্বাইত কাম কৰে আৰু মহিলাগৰাকীয়ে স্বামীৰ অনুপস্থিতিত একেখন গাঁৱৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। মহিলাগৰাকীয়ে প্ৰেমিকৰ সৈতে কথা পাতি থকা অৱস্থাত ধৰা পৰে আৰু বিষয়টো পঞ্চায়তলৈ অনা হয়, য’ত গাঁৱৰ ৰাইজে প্ৰেমৰ প্ৰেমৰ সম্পৰ্কক গাঁৱৰ সন্মানৰ সৈতে সংযোগ কৰি তাৰ পাছতে বৰ্বৰ শাস্তি ঘোষণা কৰে।

প্ৰেমিকজনে কোনোমতে পলায়ন কৰি থানাত উপস্থিত হয় আৰু তাতেই তেওঁ এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।