NORTHEAST NOW (Assamese)

শ্ৰমিকৰ ত্যাগ আৰু চৰকাৰী অৱহেলাৰ কৰুণ ছবি: টিংখাঙৰ হালমাৰীত আজিও নহ’ল আদৰ্শ বিদ্যালয়

February 20, 2026 4:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 20, 2026 4:11 pm

চাহ বাগিচা অঞ্চলৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন স্থানত আদৰ্শ বিদ্যালয় স্থাপনৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছিল। চৰকাৰৰ এই প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস ৰাখি টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ হালমাৰী চাহ বাগিচাৰ একাংশ লোকে নিজৰ কৃষিভূমি পৰ্যন্ত এৰি দিছিল। ২০১৯-২০ বৰ্ষতে এই বিদ্যালয়খন নিৰ্মাণ হোৱাৰ কথা আছিল যদিও আজি কেইবাবছৰ পাৰ হৈ যোৱাৰ পিছতো আঁচনিখন কাগজ-কলমতেই সীমাবদ্ধ হৈ ৰ’ল। ফলত চৰকাৰৰ এই প্ৰতিশ্ৰুতি এতিয়া মৰাণৰ ৰাইজৰ বাবে এক অসাৰ কথাত পৰিণত হৈছে।

যি স্থানত এখন আধুনিক শিক্ষানুষ্ঠান গঢ় লৈ উঠিব লাগিছিল, সেই স্থান এতিয়া হাবি-জংঘলেৰে ভৰি পৰিছে। স্থানীয় ৰাইজ তথা চাহ জনজাতি ছাত্ৰ সন্থাই অভিযোগ কৰা মতে, বিদ্যালয়ৰ বাবে আবন্টিত সেই নিৰ্দিষ্ট ভূখণ্ড এতিয়া সমাজবিৰোধী লোকৰ আড্ডাস্থলীতহে পৰিণত হৈছে। বিশেষকৈ দুলীয়াবাম আৰু হালমাৰী চাহ বাগিচাৰ মধ্যৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই বিদ্যালয়খনৰ প্ৰয়োজন আছিল যদিও স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বড়াই ইয়াৰ আধাৰশিলা স্থাপনৰ বাবেও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

এই বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজ আৰু চাহ জনজাতি ছাত্ৰ সন্থাই বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জিলা আয়ুক্ত আৰু স্থানীয় বিধায়কক অৱগত কৰি আহিছে। ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি জনাইছে যে দৰিদ্ৰ শ্ৰমিকসকলে নিজৰ খেতিৰ মাটি বিদ্যালয়ৰ নামত দান দিয়াৰ পিছতো চৰকাৰৰ এনে উদাসীনতা চৰম দুৰ্ভাগ্যজনক। বিদ্যালয়খন নোহোৱাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে আজিও বহুত দূৰলৈ গৈ শিক্ষা গ্ৰহণ কৰিব লগা হৈছে, যিটোৱে তেওঁলোকৰ শৈক্ষিক বিকাশত বাধাৰ সৃষ্টি কৰিছে।

চাহ জনজাতি ছাত্ৰ সন্থাই চৰকাৰক সকীয়াই দি কয় যে অহা নিৰ্বাচনৰ পূৰ্বেই যদি এই বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ নহয়, তেন্তে তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব। ৰাইজে কেৱল প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ বাস্তৱক্ষেত্ৰত বিদ্যালয়খন গঢ় লৈ উঠাটো বিচাৰিছে যাতে বাগিচা অঞ্চলৰ নতুন প্ৰজন্মই এটা উন্নত শৈক্ষিক পৰিৱেশ লাভ কৰিব পাৰে। চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়টোত কি ব্যৱস্থা লয়, সেয়া এতিয়া লক্ষ্যণীয় হব।

Related News