প্ৰস্তাৱিত শান্তি আলোচনা সন্দৰ্ভত পৰেশ বৰুৱা: ‘সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ কৰিব নোৱাৰি’
বৃহস্পতিবাৰে আলফা স্বাধীনে স্পষ্ট কৰি দিয়ে যে শান্তি আলোচনাৰ বাবে তেওঁলোকে সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ নকৰে।আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই নৰ্থইষ্ট নাওৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত এই কথা ব্যক্ত কৰে।
আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই কয়, “যিকোনো পৰিস্থিতিত আমি সাৰ্বভৌমত্বৰ বিষয়টো ত্যাগ নকৰোঁ।”
তেওঁ লগতে কয়, “এই বিষয়টোৰ বাবে (সাৰ্বভৌমত্ব) অসম তথা আলফা স্বাধীনৰ বহু সদস্যই প্ৰাণ আহুতি দিছে। সেয়েহে, শান্তি আলোচনাৰ বাবে এই বিষয়টো ত্যাগ কৰিব নোৱাৰি।”
“অসম ৰাজনৈতিকভাৱে স্বাধীন নোহোৱালৈকে অৰ্থনৈতিকভাৱে স্বাধীন হ’ব নোৱাৰে,”-পৰেশ বৰুৱাই কয়।
লগতে পঢ়ক: অসমৰ বজাৰলৈ আহিল জেলেনস্কি
অৱশ্যে, পৰেশ বৰুৱাই কয় যে আলফা স্বাধীনে আলোচনাৰ মেজত সাৰ্বভৌমত্বৰ বিষয়টো আলোচনা কৰিবলৈ সাজু আছে।
“আলোচনাৰ মেজত সাৰ্বভৌমত্বৰ বিষয়টো আলোচনা কৰোঁতে যুক্তিতৰ্ক হ’ব পাৰে। কিন্তু আলোচনা আগবাঢ়িব লাগিব,” পৰেশ বৰুৱাই কয়।
আলফা স্বাধীনৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে তেওঁ শীঘ্ৰেই শান্তি আলোচনা আৰম্ভ কৰাৰ বাবে আশাবাদী।
“কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আলফা স্বাধীনৰ সৈতে প্ৰস্তাৱিত শান্তি আলোচনা আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে,” বৰুৱাই কয়।
তেওঁ লগতে কয়, “ভাৰত চৰকাৰৰ সৈতে প্ৰস্তাৱিত শান্তি আলোচনাৰ প্ৰতি আলফা স্বাধীনে মুক্ত মনেৰে আগবাঢ়িছে।”
লগতে পঢ়ক: বংগোপসাগৰত বৃদ্ধি পাইছে বছৰৰ প্ৰথমটো ঘূৰ্ণীবতাহৰ শক্তি; ক’ত পৰিব প্ৰভাৱ?
পৰেশ বৰুৱাই লগতে কয় যে আলোচনাপন্থী আলফা আৰু আলফা স্বাধীনৰ সৈতে শান্তি প্ৰক্ৰিয়া একেলগে অনুষ্ঠিত হ’ব নোৱাৰে।
বৰুৱাই কয়, “দুয়োটা সংগঠনৰ সৈতে একেলগে আলোচনা কৰিলে বিশৃংখলতা আৰু ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে।”