NORTHEAST NOW (Assamese)

১০ লাখ গাজাবাসীক নিগাজিকৈ লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ!

May 17, 2025 4:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 17, 2025 4:12 pm

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই গাজা ষ্ট্ৰিপৰ ১০ লাখ বাসিন্দাক লিবিয়ালৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। পৰিকল্পনা অনুসৰি এই পেলেষ্টাইনীসকল স্থায়ীভাৱে লিবিয়াত থাকিব।

আমেৰিকাৰ সংবাদ মাধ্যম এনবিচি নিউজে শুকুৰবাৰে (১৬ মে) বিষয়টোৰ সৈতে পৰিচিত পাঁচটা সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰে। সূত্ৰসমূহে জনোৱা মতে, আমেৰিকাই লিবিয়া চৰকাৰক ধনৰাশি দিয়াৰ প্ৰস্তাৱ দিছে আৰু কয় যে যদিহে এই লোকসকলক গাজাৰ পৰা স্থায়ীভাৱে গ্ৰহণ কৰে তেন্তে ২০১১ চনৰ পৰা আমেৰিকাই জব্দ কৰা কোটি কোটি ডলাৰৰ লিবিয়াৰ সম্পত্তি মুকলি কৰিব।

আনহাতে, আমেৰিকাই গাজাৰ জনসাধাৰণক আৰ্থিক সাহায্যবিনামূলীয়া গৃহ আৰু ভাট্টা প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে যাতে তেওঁলোকে গাজা এৰি লিবিয়ালৈ যাব পাৰে।

অৱশ্যে এই সন্দৰ্ভত এতিয়াও দুয়োখন দেশৰ মাজত কোনো চুক্তিত উপনীত হোৱা নাই বুলি তিনিটা সূত্ৰই প্ৰকাশ কৰিছে। গাজাৰ বাসিন্দাক লিবিয়ালৈ পঠোৱাৰ আলোচনাত ইজৰাইলকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁলোকে কয়।

অৱশ্যে আমেৰিকাৰ এগৰাকী মুখপাত্ৰই কয় যে এনে পৰিকল্পনা বাস্তৱিক নহয়। এই সন্দৰ্ভত কোনো আলোচনা হোৱা নাছিল।

গাজাস্থিত স্বাধীনতা সমৰ্থক সশস্ত্ৰ সংগঠন হামাছেও এনে কোনো আলোচনাৰ কথা শুনা নাই বুলি কয়। হামাছৰ জ্যেষ্ঠ বিষয়া বাছিম নাইমে এনবিচিক জনাইছে যে পেলেষ্টাইনীসকলে নিজৰ গৃহভূমি এৰি নাযায়। তেওঁলোকে আৰু অধিক ত্যাগ কৰিব, প্ৰয়োজন হলে, মাতৃভূমি আৰু সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত।

১৪ বছৰ পূৰ্বে লিবিয়াৰ প্ৰাক্তন শাসক মুয়াম্মাৰ গাদ্দাফিক উৎখাত কৰা হৈছিল। তেতিয়াৰ পৰাই দেশখনত অশান্তি আৰম্ভ হৈছে। যাৰ ফলত বৰ্তমান লিবিয়াত দুখন পৃথক চৰকাৰে শাসন কৰি আছে।

Related News