NORTHEAST NOW (Assamese)
Popular Stories

ইউক্ৰেইনলৈ সামৰিক সাহাৰ্য্য : পেট্ৰিয়াট মিছাইলৰ বেটাৰী পঠাব যুক্তৰাষ্ট্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2022 4:48 pm

পেন্টাগনে কিয়েভ অভিমুখী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবলৈ ইউক্ৰেইনলৈ পেট্ৰিয়াট ক্ষেপণাস্ত্ৰৰ বেটাৰী প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। মঙলবাৰে আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই খবৰ।

আমেৰিকাৰ প্ৰশাসনিক বিষয়াসকলে নিউয়ৰ্ক টাইমছ আৰু চিএনএনক জনোৱা মতে, ইউক্ৰেইনৰ জটিল আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াই ক্ষেপণাস্ত্ৰ আক্ৰমণ বৃদ্ধি কৰাৰ লগে লগে এই সপ্তাহৰ আৰম্ভণিতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনে ইউক্ৰেইনলৈ পঠাব ক্ষেপণাস্ত্ৰৰ বেটাৰী।

ৰাছিয়াৰ চলি থকা আক্ৰমণত ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু মস্কোৱে ক্ৰমাৎ লোকচানৰ সন্মুখীন হোৱাৰ লগে লগে তেওঁলোকে কিয়েভৰ বিদ্যুৎ কেন্দ্ৰসমূহত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। এনে পৰিস্থিতিত কিয়েভে আন দেশ বিশেষকৈ আমেৰিকাক পেট্ৰিয়াট ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে।

আমেৰিকাৰ সেনাই পেট্ৰিয়াট মিছাইল ব্যৱস্থাক তেওঁলোকৰ দেশৰ ‘আটাইতকৈ উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা’ বুলি অভিহিত কৰিছে।

উল্লেখ্য যে এই ক্ষেপণাস্ত্ৰটো ৰাডাৰ, এটা নিয়ন্ত্ৰণ কেন্দ্ৰ, শক্তি উৎপাদন সঁজুলি আৰু আঠটা লঞ্চাৰকে ধৰি একাধিক অংশৰে গঠিত।

পেট্ৰিয়াট মিছাইলৰ এটা বেটাৰী প্ৰস্তুত কৰিবৰ বাবে বহু জনশক্তিৰ প্ৰয়োজন হয় যদিও যুদ্ধত ইয়াক চলাবলৈ মাত্ৰ তিনিজন লোকৰ প্ৰয়োজন হয়। এতিয়া আমেৰিকাৰ পৰা বেটাৰীলৈ ৰাছিয়ান সেনালৈ শক্তিশালী পেট্ৰিয়াট মিছাইল নিক্ষেপ কৰিব ইউক্ৰেইনে।