NORTHEAST NOW (Assamese)

ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট! বৰ্ষাপাৰাৰ উইকেটৰ ‘অজ্ঞাত ৰহস্য’, কি যাদু লুকাই আছে?

November 20, 2025 3:51 pm · এন ই নাও নিউজ, গুৱাহাটী

কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰতীয় ক্ৰিকেট দলৰ বেটিং বিভাগ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিছিল। এই লজ্জাজনক প্ৰদৰ্শনৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছিল।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ। এই শৃংখলা ১-১ ব্যৱধানত ড্ৰ’ কৰিবলৈ হ’লে টিম ইণ্ডিয়াই যিকোনো মূল্যৰ বিনিময়ত দ্বিতীয়খন টেষ্ট মেচত জয়ী হ’ব লাগিব।

ভাৰতীয় ক্ৰিকেট দলৰ বাবে ‘ভাল খবৰ’ হ’ল শুভমন গিল আঘাতৰ পৰা শীঘ্ৰে সুস্থ হৈ উঠিছে। আনহাতে, নীতিশ কুমাৰ ৰেড্ডীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে। কলকাতাত লজ্জাজনক পৰাজয়ৰ পিছত বৰ্ষাপাৰাত জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব টিম ইণ্ডিয়াই।

কেনেকুৱা হ’ব গুৱাহাটীৰ উইকেট? এইবাৰ প্ৰথমবাৰৰ বাবে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে টেষ্ট মেচ। এদিনীয়া আৰু টি-২০ অভিলেখ অনুসৰি এই উইকেটত বেটিং আৰু বলিঙৰ মাজত কঠিন যুঁজ দেখা পোৱা যায়। আৰম্ভণিতে উইকেটত থকা আৰ্দ্ৰতাৰ বাবে পেচ বলাৰসকলে এই খেলপথাৰত দুৰ্দান্ত গতি পাব পাৰে।

কিন্তু যদি ওপেনিং অভাৰবোৰ বাদ দিয়া যায়, তেন্তে ইয়াৰ উইকেট প্ৰথম ২ দিনত বেটিং কৰাৰ বাবে যথেষ্ট সহায়ক হৈ পৰে। এনে পৰিস্থিতিত তৃতীয় দিনৰ পৰাই উইকেট ভাঙিবলৈ আৰম্ভ কৰিব বুলি আশা কৰা হৈছে। গতিকে স্পিনাৰসকলে সুবিধা লাভ কৰিব পাৰে। দুয়োটা দলৰে যথেষ্ট ভাল স্পিনাৰ আছে। ফলত বেটছমেনসকলে পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব।

পৰিসংখ্যাই কি কয়? প্ৰথমবাৰৰ বাবে এইবাৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব টেষ্ট মেচ। এতিয়ালৈকে এই খেলপথাৰত মুঠ ৮খন এদিনীয়া খেলৰ আয়োজন কৰা হৈছে। ইয়াৰে প্ৰথমে বেটিং কৰা দলটোৱে চাৰিখন মেচত জয়লাভ কৰে। একে সংখ্যক মেচত ৰান অনুসৰণ কৰা দলটোৱে জয়লাভ কৰে। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথম ইনিংছত গড় স্ক’ৰ ২২৫ ৰান। দ্বিতীয় ইনিংছত গড় স্ক’ৰ ১৮৩ ৰান।

Related News