NORTHEAST NOW (Assamese)

গাওঁ পঞ্চায়তৰ বিৰুদ্ধে ২০০০ টকাৰ বিনিময়ত দলবদ্ধ ধৰ্ষণৰ গোচৰ নিষ্পত্তি কৰাৰ অভিযোগ ভুক্তভোগীৰ

August 13, 2024 4:57 pm · এন ই নাও নিউজ, গুৱাহাটী

শেহতীয়াকৈ নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ চাৰিজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে। ‘ন্যায়’ বিচাৰি পঞ্চায়তৰ কাষ চাপিলে নিৰ্যাতিতাৰ মাতৃ। পঞ্চায়তেহসিদ্ধান্ত লয় যে দুহাজাৰ টকাৰ বিনিময়ত বিষয়টো নিষ্পত্তি কৰিব লাগে। ইয়াৰ পাছত নিৰ্যাতিতাৰ মাকে পুলিচৰ কাষ চাপে। চাৰিজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চাঞ্চল্যকৰ ঘটনাটো হৈছে বিহাৰৰ দাৰভাংগাত। বিষয়টো গম পোৱাৰ পাছৰে পৰা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সালিসী বৈঠকত কন্যাক দুহাজাৰ টকাৰে বিষয়টো নিষ্পত্তি কৰিবলৈ কোৱাৰ অভিযোগ উত্থাপন কৰে মাতৃয়ে। স্বাভাৱিকতে তেওঁলোকে এই প্ৰস্তাৱত সন্মতি নিদিলে। অৱশেষত আৰক্ষীৰ কাষ চাপিল। এইটোৱেই শেষ নহয় বুলি মহিলাগৰাকীয়ে কয় যে থানাত এজাহাৰ দাখিল কৰাৰ খবৰ পোৱাৰ পাছত মাতৃ আৰু তেওঁৰ কন্যাক গাঁৱৰ কলে আটক কৰি ৰাখে। মহিলাগৰাকীয়ে অভিযোগ কৰে যে আৰক্ষীয়ে খবৰ দিয়াৰ পিছতো একো নকৰিলে। তিনিদিন পাছত নাবালকগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হয়।

কিন্তু তাতো ৰৈ আছিল এক বিশাল হুলস্থুল। পৰীক্ষাৰ পূৰ্বে চিকিৎসালয়ৰ চিকিৎসক বসন্ত কুমাৰ ঝাই প্ৰথমে এই ঘটনাৰ চিচিটিভি ফুটেজ চাব বিচাৰে। ইয়াৰ ফলত ভুক্তভোগীৰ পৰিয়ালৰ সৈতে কাজিয়া আৰম্ভ হয়। শেষত অৱশ্যে আৰক্ষীৰ তত্বাৱধানত নাবালকগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পনা কুমাৰীয়ে কয়, ‘মহিলাগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত চাৰিজন লোকৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকক বৰ্তমান বিচাৰি আছে।”

Related News