NORTHEAST NOW (Assamese)

ধৰ্ষণৰ প্ৰতিশোধ ল’লে খোদ ভুক্তভোগীয়ে, হত্যা কৰিলে ধৰ্ষণকাৰীক

July 18, 2023 8:12 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 17, 2023 9:09 pm

শেহতীয়াকৈ উত্তৰ-পূব দিল্লীৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। নিজৰ ধৰ্ষণৰ প্ৰতিশোধ ল’বলৈ এগৰাকী যুৱতীয়ে ৱাচি ল’লে বিকল্প পথ। নিজেই হপ্ত্যা কৰিলে ধৰ্ষণকাৰীক।

অভিযুক্ত যুৱকজনক নিজেই অপহৰণ কৰি হত্যা কৰে যুৱতীগৰাকীয়ে। এই ঘটনাত যুৱতীগৰাকী আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। 

আৰক্ষীৰ সূত্ৰ অনুসৰি উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্ক এলেকাত সংঘটিত হৈছে এই ঘটনা। 

খবৰ অনুসৰি যোৱা ১৬ জুনৰ পুৱা শাস্ত্ৰী পাৰ্কৰ বেলা ফাৰ্মৰ সমীপত এজন অচিনাক্ত যুৱকৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজনৰ ডিঙি আৰু পেটত ছুৰীৰে আঘাত কৰা হৈছিল। ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

জানিব পৰা মতে, মৃত যুৱকজনৰ নাম আবুজাৰ(২০)। 

আৰক্ষীয়ে অঞ্চলটোৰ প্ৰায় ২০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে যুৱতীগৰাকী আবুজাৰৰ আত্মীয়। সেই আত্মীয়তাৰ সুযোগ লৈ আবুজাৰে যুৱতীগৰাকীক বহুবাৰ অত্যাচাৰ কৰিছিল।

আৰক্ষীক দিয়া বিবৃতিত যুৱতীগৰাকীয়ে কয় যে ২০১৬ চনৰ জানুৱাৰী মাহত যুৱতীগৰাকীৰ স্বামীৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই আবুজাৰে তাইক বহুবাৰ ধৰ্ষণ কৰিছিল। এই অত্যাচাৰৰ পৰা পলায়নৰ আন কোনো উপায় নাপাই অভিযুক্ত ছোৱালীজনীয়ে আবুজাৰক হত্যা কৰাৰ সিদ্ধান্ত লয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকীয়ে বন্ধুৰ সহায় লৈ আবুজাৰক হত্যা কৰিছিল। পৰিকল্পনা অনুসৰি যমুনা নদীৰ জোৱাৰ চাবলৈ যোৱাৰ অজুহাতত যুৱতীগৰাকীয়ে আবুজাৰক বেলা ফাৰ্মলৈ লৈ যায় আৰু তাত দুয়োজনে আবুজাৰক হত্যা কৰে। 

ইতিমধ্যে হত্যাৰ অস্ত্ৰ অৰ্থাৎ হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

Related News