NORTHEAST NOW (Assamese)

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ

January 30, 2022 2:25 pm · এন ই নাও নিউজ, টীয়ক
ফটো: নৰ্থইষ্ট নাও।

বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

দলং নিৰ্মাণৰ বাবে ইতিমধ্যে মাজুলীৰ সমান্তৰালভাৱে যোৰহাট জিলাৰ হাতীশালতো দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশকে ধৰি অন্যান্য সামগ্ৰী আদি মজুত কৰি দলংৰ কাম আৰম্ভ কৰিছে।

মাজুলী-যোৰহাট সংযোগী এই দলঙে বহু আশাৰ বতৰা কঢ়িয়াই আনিলেও কিন্তু একাংশ লোকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে।

দলং নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিত থকা কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভঙাৰ নিৰ্দেশ দিয়াৰ উপৰিও মূল্যবান গছ গছনি,খেতি কৰা ভূমি,আদি অধিগ্ৰহণ কৰিছে।

লগতে পঢ়ক: মাতাল অৱস্থাত মোদীক টুইট কৰি কিয় বিপদ চপাই লৈছিল? নতুন শ্বো-ত সদৰী কৰিলে কপিল শৰ্মাই

অভিযোগ মতে এইসকল ক্ষতিগ্ৰস্তক প্ৰদান কৰা নাই উপযুক্ত ক্ষতিপূৰণ। যাৰ বাবে এতিয়া ক্ষোভত ফাটি পৰিছে হাতীশালবাসী।

ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত ইতিমধ্যে নাগৰিক সভাৰ আয়োজন কৰিছে মিচিং ছাত্র সন্থাই আৰু এই সভাত টীয়কৰ বিভিন্ন দল-সংগঠন উপস্থিত থাকি ক্ষতিগ্ৰস্তসকলক উচিত ক্ষতিপুৰণ দিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

Related News