NORTHEAST NOW (Assamese)

এইখন দেশৰ প্ৰধান মন্ত্ৰীসহ পৰিয়ালৰ আটাই কেইগৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত

June 1, 2020 6:26 pm · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

সোমবাৰে আৰ্মেনিয়াৰ প্ৰধান মন্ত্ৰী নিক’ল পচিনিয়নে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সকলো সদস্য ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি ছ’চিয়েল মিডিয়া ফেইচবুকৰ জৰিয়তে ঘোষণা কৰে।

বিবিচিৰ মতে, পচিনিয়নে ফেইচবুক লাইভৰ জৰিয়তে কয়, ‍‘মোৰ গাত ক’ৰ’নাৰ কোনো লক্ষণ নাছিল। মই ফ্ৰণ্টালাইনত যোৱাৰ সিদ্ধান্ত লোৱা কাৰণেই ক’ৰ’নাৰ টেষ্ট কৰিছিলো’।

তেওঁ লগতে কয়, ‍‘মই ইয়াৰ পৰাই যিমান প্ৰয়োজনীয় হয় সিমানখিনি কাম কৰিম, কিন্তু আইছ’লেশ্যনত থাকিহে কৰিম’।

প্ৰধান মন্ত্ৰী গৰাকীয়ে এনেদৰে নিজৰ কথা ৰাজহুৱা কৰাৰ লগতে পুনৰ এবাৰ দেশবাসীক সদায় মাস্ক পৰিধান আৰু নিয়মীয়াকৈ হাত ধুই থাকিবলৈ আহ্বান জনায়।

উল্লেখ্য যে আৰ্মেনিয়াত এই পৰ্যন্ত ৯,২৮২ গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩১ গৰাকী লোকৰ মৃ্ত্যু হৈছে। তদুপৰি সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে ৩,৩৯৬ গৰাকী লোক।

বিশ্ববাসীক ক’ৰ’নাই সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ সময়তে কিন্তু প্ৰধান মন্ত্ৰী পচিনিয়নে নিজৰ দেশত লকডাউন প্ৰযোজ্য কৰাৰ কথা চিন্তা চৰ্চা কৰা নাই বুলি প্ৰকাশ কৰে।

Related News