NORTHEAST NOW (Assamese)

মাকৰ ঘৰলৈ গৈ ঘূৰি অহা নাই পত্নী : খঙৰ ভমকত নিজৰ লিংগকে কাটি পেলালে স্বামীয়ে

January 22, 2023 4:09 pm · এন ই নাও নিউজ, গুৱাহাটী

বহুদিনেই হ’ল পত্নী মাকৰ ঘৰলৈ যোৱা। মাকৰ ঘৰলৈ গৈ উভতি অহাৰ নাম নাই পত্নীৰ। পত্নীক কাষত নোপোৱাৰ বেদনা আৰু ক্ষোভত স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বিহাৰত। কৃষ্ণ বাছুকী নামৰ পঁচিশ বছৰীয়া যুৱকজন বিহাৰৰ মধেপুৰ থানাৰ অন্তৰ্গত ৰজনী নয়নগৰ অঞ্চলৰ বাসিন্দা। শুকুৰবাৰে নিশা তেওঁ সংঘটিত কৰে এই ভয়ানক কাম। পত্নীক কাষত নাপাই বাসনাৰ জ্বালা আৰু ক্ষোভত নুই হৈ নিজৰেই লিংগ ছেদ কৰে কৃষ্ণ বাছুকীয়ে।

জানিব পৰা মতে কৃষ্ণৰ পত্নীৰ নাম অনিতা। কৃষ্ণই বিহাৰৰ গোৱালপাৰা থানাৰ অন্তৰ্গত মালোধ নিবাসী ছোটে লাল বাসুকীৰ কন্যা অনিতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ আছে চাৰিটাকৈ সন্তান। কিন্তু কৃষ্ণ পৰিয়ালটোৰ লগত নাথাকে। জীৱিকাৰ খাতিৰত ঘৰৰ পৰা আঁতৰত থাকে কৃষ্ণ। কৃষ্ণৰ কৰ্মস্থলী পঞ্জাৱৰ মাণ্ডীত। তাতে তেওঁ কাম কৰে।

নিজৰ কৰ্মস্থলীৰ পৰা ২ মাহ আগতে নিজৰ পৰিয়ালক লগ কৰাৰ উদ্দশ্যৰে নিজৰ ৰজনী নয়নগৰৰ ঘৰলৈ আহিছিল কৃষ্ণ।

পৰিয়ালৰ লোকে জনোৱা মতে, সেই সময়ত কৃষ্ণৰ পত্নী অনিতা আছিল পিতৃ-মাতৃৰ ঘৰত। ফলত পত্নীৰ বাবে কেইবাদিনো অপেক্ষা কৰিবলগা হ’ল কৃষ্ণই। যাৰ বাবে পত্নী ইমান দিন মাক-দেউতাকৰ ঘৰত থকা কথাটোৰ বাবে অস্বস্তি অনুভৱ কৰিবলৈ ধৰিলে কৃষ্ণই।

পত্নী মাতৃগৃ্হৰ পৰা ঘৰলৈ উভতি অহাত পলম হোৱাত ক্ষুব্ধ হৈ কৃষ্ণই চোকা অস্ত্ৰৰে কাটি পেলালে নিজৰেই জননাংগ।

এই ঘটনাৰ পিছত আত্মীয়ই ৰক্তাক্ত আৰু অতি সংকটজনক অৱস্থাত কৃষ্ণক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত তেওঁক ওচৰৰ মেডিকেল কলেজৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে জনোৱা অনুসৰি এতিয়া সুস্থ অৱস্থালৈ ঘূৰি আহিছে কৃষ্ণ।

আনহাতে আত্মীয়ই কয় যে কৃষ্ণ বাসুকীৰ কিছু মানসিক সমস্যা আছে। যাৰ বাবে কৃষ্ণই এই ভয়ানক আৰু প্ৰাণঘাতী কাণ্ড সংঘটিত কৰিছে।

Related News