NORTHEAST NOW (Assamese)

২৫ নবেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশ

November 7, 2024 10:10 am · এন ই নাও নিউজ
Updated: November 7, 2024 10:11 am

অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভা আৰু লোকসভা সংসদৰ শীতকালীন অধিৱেশন।

সংসদৰ দুয়োটা সদনৰ এই শীতকালীন অধিৱেশন ২০ ডিচেম্বৰলৈকে চলিব।

মঙলবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে।

কিৰেন ৰিজেজুৱে কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ কৰাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে।

সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ২৬ নৱেম্বৰত সংবিধান গৃহৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলিও তেওঁ কয়।

Related News