NORTHEAST NOW (Assamese)
অসম

শংকৰ-মাধৱৰ ৰচনা সমগ্ৰ ইংৰাজী লৈ অনুবাদ কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 1, 2023 9:33 pm

এশ বছৰ অতিক্ৰম কৰাৰ পথত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সংগঠন শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ।

১৯৩০ চনত নগাঁও জিলাৰত জন্ম লাভ কৰিছিল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই। অহা ২০২৯-৩০ বৰ্ষত শতবৰ্ষ  উদযাপন কৰিব ধৰ্মীয় সংগঠনটোৱে।

তদুপলক্ষ্যে মহাপুৰুষ দুজনাৰ সমগ্ৰ ৰচনাৱলী ইংৰাজীলৈ অনুবাদ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৱে।

এই সন্দৰ্ভত আলোচনা কৰিবৰ বাবেই শুকুৰবাৰে নগাঁও আৱৰ্ত্ত ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ একাংশ প্ৰতিনিধিয়ে ।

সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই জনোৱা মতে আগন্তুক ২০২৪ বৰ্ষৰ ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত ৰঙিয়াত অনুষ্ঠিত হ’বলগীয়া শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিবেশনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক নিমন্ত্ৰণ জনোৱা হ’ব ।