NORTHEAST NOW (Assamese)

বদ্ৰীনাথ মন্দিৰত দানৰ ধন চুৰি : অপৰাধ স্বীকাৰ কৰিলে মূল অভিযুক্তই, ঘৰৰ পৰা উদ্ধাৰ ৰূপৰ মূৰ্তি আৰু নেপালী নোট

July 31, 2026 9:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 31, 2026 9:37 pm

অযোধ্যাৰ ৰাম মন্দিৰৰ পিছত এইবাৰ উত্তৰাখণ্ডৰ বিখ্যাত বদ্ৰীনাথ ধামতো দানৰ ধন চুৰি হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এই চুৰিৰ ঘটনাত বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ নিলম্বিত পাৰ্ছনেল এচিষ্টেণ্ট প্ৰমোদ নৌটিয়ালে আৰক্ষীৰ জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰি লৈছে। চাৰি দিনৰ আৰক্ষীৰ জিম্মাত থকাৰ সময়ত চামোলি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তেওঁৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু ৰূপৰ সামগ্ৰী উদ্ধাৰ কৰিছে। বদ্ৰীনাথ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহাদেৱ উনিয়ালে জানিবলৈ দিয়ে যে প্ৰমোদ নৌটিয়ালক জেৰা কৰি থকাৰ সময়তে তেওঁক বদ্ৰীনাথত প্ৰদান কৰা চৰকাৰী আৱাসৰ পৰা এই বহুমূলীয়া সামগ্ৰীসমূহ উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰমোদৰ ঘৰৰ পৰা প্ৰচুৰ পৰিমাণৰ ৰূপৰ মুদ্ৰা, সৰু সৰু ৰূপৰ মূৰ্তি, কাছৰ আকৃতিৰ ৰূপৰ স্মাৰক, বহুতো নেপালী মুদ্ৰাৰ বাণ্ডিল আৰু বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে। তদন্তকাৰী বিষয়াসকলে বৰ্তমান পৰীক্ষা কৰি আছে যে এই সকলোবোৰ ৰূপৰ সামগ্ৰী আৰু নেপালী মুদ্ৰা মন্দিৰলৈ অহা ভক্তসকলে দান কৰা আছিল নেকি।

জানিব পৰা মতে, জেৰাৰ সময়ত প্ৰমোদ নৌটিয়ালে ভাঙি পৰে আৰু চুৰিৰ কথা স্বীকাৰ কৰে। অৱশ্যে এই চুৰিৰ লগত আন কোনো সহকৰ্মী বা ব্যক্তি জড়িত আছে নে নাই, সেই বিষয়ে এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য পোৱা হোৱা নাই। আৰক্ষীৰ ৰিমাণ্ডৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁক বিশেষ আদালতত হাজিৰ কৰোৱা হয় আৰু বিচাৰকে তেওঁক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। এই চাৰি দিনত বিশেষ তদন্তকাৰী দলে প্ৰমোদক লগত লৈ মন্দিৰ সমিতিৰ কাৰ্যালয়, তেওঁৰ ডেৰাডুনৰ ঘৰ আৰু বদ্ৰীনাথৰ আৱাসত তন্নতন্নকৈ তালাচী চলাইছিল। আৰক্ষীয়ে প্ৰমোদৰ নামত থকা বিভিন্ন সম্পত্তিৰ নথিপত্ৰও জব্দ কৰিছে, যাতে এই উপাৰ্জনৰ উৎস কি আছিল সেয়া জানিব পৰা যায়।

যোৱা ১২ জুলাইত গ্ৰেপ্তাৰ হোৱা প্ৰমোদ নৌটিয়ালৰ মূল দায়িত্ব আছিল মন্দিৰত ভিআইপি প্ৰটোকল চম্ভালা আৰু ভক্তসকলে দিয়া দানৰ ধন গণনা কৰা কাম নিৰীক্ষণ কৰা। অভিযোগ অনুসৰি, এই পদৰ সুযোগ লৈয়েই তেওঁ বৃহৎ পৰিমাণৰ দান আৰু ভিআইপি দৰ্শনৰ মাচুল আত্মসাৎ কৰিছিল। বৰ্তমান বদ্ৰীনাথৰ এই ডাঙৰ আৰ্থিক কেলেংকাৰী আৰু চুৰিৰ তদন্ত কেইবাটাও স্তৰত চলি আছে। মন্দিৰ সমিতিৰ দ্বাৰা গঠিত চাৰিজনীয়া আভ্যন্তৰীণ কমিটিয়ে এখন প্ৰাথমিক প্ৰতিবেদন অধ্যক্ষৰ ওচৰত দাখিল কৰিছে। ইয়াৰ লগতে চামোলি আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে আইনী তদন্ত চলাই আছে আৰু উত্তৰাখণ্ড চৰকাৰে গঠন কৰি দিয়া এখন উচ্চপৰ্যায়ৰ কমিটিয়েও স্বাধীনভাৱে এই চুৰিৰ তদন্ত কৰি আছে। অযোধ্যাৰ ৰাম মন্দিৰৰ পিছত দেশৰ অন্যতম প্ৰধান তীৰ্থস্থান বদ্ৰীনাথতো এনেদৰে অনুদানৰ ধন আৰু সামগ্ৰী চুৰি হোৱাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে সাধাৰণ ভক্তসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

 

 

Related News