NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ আৰক্ষীয়ে নাগালেণ্ডত উদ্ধাৰ কৰিলে গুৱাহাটীৰ পৰা চুৰি হোৱা গাড়ী

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 1, 2019 10:03 pm
20190901_204533

গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন ছেত্ৰীৰ নেতৃত্বত আজি নাগালেণ্ডত আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰৰ বিৰুদ্ধ চলোৱা  অভিযানত হাবিৰ মাজৰ পৰা এখন চুৰি টাটা চুমু গাড়ী উদ্ধাৰ কৰা হয়।

শিৱসাগৰ জিলাৰ গেলেকীৰ নাগালেণ্ডৰ কাংগটুং য়িমচেন ভিলেজ এলেকাৰ পৰা উদ্ধাৰ কৰে অসমৰ চুৰি হোৱা গাড়ীখন।

উল্লেখ্য যে ৩১ আগষ্টৰ নিশা গুৱাহাটীৰ ফটাশিল আমবাৰীৰ পৰা চুৰি হৈছিল AS 01 GC 3482 নম্বৰৰ টাটা চুমুখন।

গৌতম শৰ্মা মালিকনাধীন গাড়ীখন আন্ত:ৰাজ্যিক গাড়ী চুৰি চক্ৰই চুৰি কৰি নাগালেণ্ডলৈ অনা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

নাগালেণ্ডলৈ গেলেকী অসম-নগালেণ্ড সীমান্তৰে গাড়ীখন সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ এক খবৰ লাভ কৰাত গেলেকী আৰক্ষীয়ে নাগালেণ্ডৰ কেইটামান বিশেষ স্থানত অভিযান চলায়।

অৱশেষত কাংগটুং য়িমছেন এলেকাৰ পৰা গেলেকী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাড়ী খন। ঘন জংঘলৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে চুৰি টাটা চুমুখন।

অৱশ্যে গাড়ী চোৰৰ চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।