NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভা : মঞ্চত গীত পৰিৱেশন কৰি থকা প্ৰণীতা বৈশ্য মেধিক চূড়ান্ত অপমান আয়োজকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2025 12:59 pm

এইখন অসমত শিল্পীৰ কি আদৰ সন্মান ? মৃত্যুৰ পিছতহে সকলোৱে চিনি পালে ৰাজীৱ শদিয়াক। জীৱিত অৱস্থাত আকৌ গীত পৰিৱেশন কৰিবলৈ মাতি অপমান কৰা হয় শিল্পীক। কোনো এৰা গেৰা সংগঠন নহয়, স্বয়ং সাহিত্য সভাই অপমান কৰিলে শিল্পীক।

সততে বিতৰ্কই লগ নেৰা অসম সাহিত্য সভা এইবাৰ বিতৰ্কৰ মাজত সোমাল সাহিত্য বঁটা প্ৰদানৰ লগতে গীত পৰিৱেশন কৰিবলৈ মাতি শিল্পীক কৰা চৰম অপমান। ৩১জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৭৭ সংখ্যক পাঠশালা অধিৱেশনৰ অন্ত পৰিল ৪ ফেব্ৰুৱাৰীত।পিছে অন্ত নপৰিল বিতৰ্কৰহে।

ইটোৰ পিছত হিটো বিতৰ্কই খেদি ফুৰিছে অসম সাহিত্য সভাক। প্ৰথমে বঁটা দিওঁ সুনাম কটা গ’ল অসম সাহিত্য সভাৰ। তাৰ পিছতেই প্ৰণিতা বৈষ্য মেধি নামৰ এগৰাকী শিল্পীয়ে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনত গীত পৰিবেশন কৰিবলৈ গৈ মঞ্চত কেনকৈ অপমানিত হ’ল সেই বিষয়ে চচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুকত দুখৰ বিবৰণ দিলে।ফেচবুকত তেওঁ লিখিছে –

গীত পৰিবেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হলো অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনত। অনুষ্ঠান ৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগেম আছিল। কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোতেই সাংস্কৃতিক কর্মী সোনমণী চৌধুৰী নামৰ লোক এজনে পিছৰ ফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হলো। যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল। অন্য শিল্পী বিলাকক যিদৰে সন্মান জনাই কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহলো। লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাই ছো অন্তৰত যদি এনেকুৱা মানসিকতা হয় আমি শিল্পী সকল কেনেদৰে জীয়াই থাকিম।

এইদৰে অসম সাহিত্য সভাত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱাৰ দীঘলীয়া শাৰী লিখি ফেচবুক যোগে দুখ প্ৰকাশ কৰে প্ৰণিতা বৈশ্য মেধিয়ে। উল্লেখ্য যে বিগত কেইটামান বছৰ ধৰি দেখা দিয়া অৰাজকতাই অসম সাহিত্য সভাৰ মৰ্যদা বহু পৰিমাণে লাঘৱ কৰিছে। কিন্তু শেহতীয়াকৈ নতুন সভাপতি নিৰ্বাচনে একাংশ সাহিত্য প্ৰেমীৰ মাজত কিছু আশাৰ সংঞ্চাৰ কৰিছিল। কিন্তু এই আশা যেন এতিয়া ক্ৰমাত কলিতে মৰহি যোৱাৰ দিশে।পুনৰ এবাৰ ঠন ধৰিব বুলি সাহিত্য সভাৰ প্ৰতি থকা আশা যেন এতিয়া ক্ৰমাৎ শেষ হোৱাৰ দিশে।