NORTHEAST NOW (Assamese)
Popular Stories

‘কোনো কেলেংকাৰী হোৱা নাই, মোৰ সততাই হৈছে মোৰ সৰ্বোত্তম শক্তি’ কেজৰিৱাল

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক January 4, 2024 6:05 pm

‘আপোনালোকে য়োৱা দুবছৰে সুৰা সুৰা কেলেংকাৰী বুলি শুনিছে, কিন্তু কোনো কেলেংকাৰী হোৱা নাই, আমি সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত।… মোৰ সততাই হৈছে মোৰ সৰ্বোত্তম শক্তি’ ইডিয়ে গ্ৰেপ্তাৰ কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ মাধ্যমক উদ্দেশ্যি এইদৰে কয়।

এইদৰে মোদী চৰকাৰৰ বিৰুদ্ধে এই বিষোদগাৰ প্ৰকাশ কৰি যে দিল্লীত কোনো সুৰা কেলেংকাৰী সংঘটিত হোৱা নাই। যদি সুৰাৰ কেলেংকাৰী সংঘটিত হৈছে তেনে কিয় ইডিৰ কথিত ২০০ কোটিৰ কেলেংকাৰীৰ এটকাও কোটি ধন উদ্ধাৰ কৰিব পৰা নাই বুলিও প্ৰশ্ন কেজৰিৱালৰ।

উল্লেখ্য, ইখনৰ পিছত সিখনকৈ EDৰ চনম অপেক্ষা কৰাৰ পাছত আজি এক সংবাদ মেল সম্বোধন কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেজৰিৱালৰ দাবী যে বিজেপি চৰকাৰে EDক অপ্ৰয়োগ কৰি তেওঁক গ্ৰেপ্তাৰৰ চেষ্টা চলাইছে। আৰু অপ্ৰয়োগ কৰি ইতিমধ্যে তেওঁৰ সতীৰ্থ মনীষ চিচ’দিয়া, সৈতেন্দ্ৰ জৈন, সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি ৰাখিছে।

তেওঁ লগতে কয় যে দিল্লীত কোনো সুৰা কেলেংকাৰী সংঘটিত হোৱা নাই। এয়া হৈছে বিজেপিৰ ষড়যন্ত্ৰৰহে অংশ।

ইফালে আপ নেত্ৰী অতিশিয়ে বুধবাৰে নিশা টুইট কৰি দাবী কৰিছিল যে EDএ অৰবিন্দ কেজৰিৱালৰ বাসগৃহত তালাচী চলাব আৰু সম্ভৱতঃ তেওঁক গ্ৰেপ্তাৰো কৰিব। ইয়াৰ পাছতে আপ বিধায়ক সৌৰৱ ভৰদ্বাজেও টুইট কৰি কয় যে শুনা গৈছে যে কাইলৈ ​​পুৱা ইডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত উপস্থিত হৈ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ওলাইছে।

ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে পুৱা কেজৰিৱালৰ বাসগৃহৰ নিৰাপত্তা কটকটীয়া কৰাও হয়। নিৰাপত্তা বাহিনীয়ে কেজৰিৱালৰ বাসগৃহ ঘেৰি ৰখাত তেওঁক গ্ৰেপ্তাৰ কৰাতো নিশ্চিত বুলিয়েই আশংকা কৰা হৈছিল।

কিন্তু বৃহস্পতিবাৰে EDএ কেজৰিৱালৰ বাসগৃহত তালাচী নচলালে। ইয়াৰ বিপৰীতে কেজৰিৱালে সংবাদ মেল সম্বোধন কৰি বিজেপি চৰকাৰে ED ক অপ্ৰয়োগ কৰি তেওঁক গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ কৰাৰ বুলি দাবী কৰিছে।