NORTHEAST NOW (Assamese)

বহিৰাগত মানুহৰ নাম সোমাব অসমৰ ভোটাৰ তালিকাত : ভোটাৰ তালিকাৰ ‘বিশেষ সংশোধনী’ (SR)ক লৈ তুমূল বিতৰ্ক

November 20, 2025 1:56 pm · এন ই নাও নিউজ, গুৱাহাটী

অসমত ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ নিৰ্বাচন আয়োগে আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (Special Revision বা SR) প্ৰক্ৰিয়াক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্য নিৰ্বাচনী বিষয়াৰ এটা মন্তব্যৰ পাছত এই বিতৰ্কই নতুন মাত্ৰা লাভ কৰিছে— য’ত কোৱা হৈছে যে বিহাৰ, হাৰিয়ানা, গুজৰাট, বংগ, বা ৰাজস্থানৰ দৰে ৰাজ্যৰ পৰা মাত্ৰ দুদিন আগতে কাম বিচাৰি অসমলৈ অহা ব্যক্তিয়েও বিশেষ সংশোধনীৰ জৰিয়তে অসমৰ ভোটাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰি ২০২৬ চনৰ নিৰ্বাচনত ভোট দিব পাৰিব।

এই বিশেষ সংশোধনীৰ সময়ক লৈ ৰাজ্যত গভীৰ সন্দেহ সৃষ্টি হৈছে। অলপতে অনুষ্ঠিত বিহাৰ নিৰ্বাচনত বিজেপি-জে ডি (ইউ) মিত্ৰজোঁটৰ অভাবনীয় সাফল্যৰ ঠিক পিছতেই অসমত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। অভিযোগ উঠিছিল যে বিহাৰ নিৰ্বাচনৰ সময়ত ৰে’লযোগে আন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোকক বিহাৰলৈ আনি এছ আৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভৰাইছিল, যাৰ ফলত মিত্ৰজোঁটে অবিশ্বাস্য বিজয় লাভ কৰিছিল।

এতিয়া ৰাজ্যৰ দল-সংগঠনসমূহৰ মাজত এই সন্দেহ উপজিছে যে ২০২৬ চনৰ নিৰ্বাচনৰ বাবেও অসমলৈ ‘ভ্ৰাম্যমাণ ভোটাৰ’ আমদানি কৰি অনুৰূপ এক “ব্লু-প্ৰিণ্ট” ৰচা হৈছে নেকি?

এই সম্পৰ্কে সদৌ অসম ছাত্ৰ সন্ত্ৰাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যকয় যে ভোটাৰ তালিকাৰ সংশোধনীৰ বিষয়টো অসমৰ খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ সৈতে জড়িত। তেওঁ মুখ্য নিৰ্বাচনী বিষয়াৰ মন্তব্যক “বিভ্রান্তিকৰ” আখ্যা দিয়ে আৰু স্পষ্টভাৱে কয় যে দুদিন পূৰ্বে অহা বহিঃৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত সোমোৱাৰ পূৰ্বে তেওঁলোকৰ পূৰ্বৰ ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাটো নিশ্চিত হ’ব লাগিব।

ভট্টাচাৰ্যই সঁকিয়াই দিয়ে, “অন্যথা নিৰ্বাচন আয়োগে ভ্ৰাম্যমাণ ভোটাৰ সৃষ্টি কৰাৰ অভিপ্রায় প্রমাণ হ’ব। নিৰ্বাচন আয়োগে ইয়াৰ পতিয়নযোগ্য উত্তৰ দিয়ক। ভোটাৰ তালিকাৰ বিশেষ সংশেধনীত খিলঞ্জীয়া নাগৰিকক লৈ হেতালি খেলিবলৈ দিয়া নহ’ব।”

আছুৱে সতৰ্ক কৰি দিয়ে যে এনে ব্যৱস্থাৰ ফলত অসমলৈ “লাখ লাখ ভ্ৰাম্যমাণ ভোটাৰ আহিব, এছ আৰৰ যোগেদি অসমৰ ভোটাৰ তালিকাত নাম ভৰাব, অসমৰ নিৰ্বাচনত ভোট দিব, জনপ্ৰতিনিধি বাছিব আৰু নিৰ্বাচনৰ পিছত উভতি যাব… এয়া ভ্ৰাম্যমাণ ভোটাৰ সৃষ্টিৰ এক বিপজ্জনক ব্যৱস্থা।”

লগতে, আছুৱে বিদেশীমুক্ত নাগৰিকপঞ্জী সম্পূৰ্ণ হ’লেহে এখন শুদ্ধ ভোটাৰ তালিকা সহজসাধ্য হ’ব বুলি মত প্ৰকাশ কৰে আৰু মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক তেওঁৰ অসংবেদনশীল মন্তব্যৰ সন্দৰ্ভত স্পষ্ট ব্যাখ্যা দাঙি ধৰিবলৈ দাবী জনায়।

Related News