NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰৰ ডিমৌত আপৰ সভা সন্দৰ্ভত অপপ্ৰচাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2024 5:45 pm

অসমত আম আদমী পাৰ্টিৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ইতিমধ্যে দলৰ সকলো কমিটি ভংগ কৰি দিয়া হৈছে। চলিত জুলাই মাহৰ ভিতৰতে নতুন কমিটি গঠনৰ বাবে বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি দলৰ  ৱৰ্কিং কমিটীয়ে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে একাংশ সংবাদ মাধ্যমে শিৱসাগৰৰ জিলাৰ ডিমৌত অহা ১৪ জুলাইত আপৰ ৰাজ্যিক পৰিষদ গঠনৰ বাবে সভা অনুষ্ঠিত হ’ব বুলি বাতৰি পৰিবেশন কৰিছে।

এই বিভ্ৰান্তিকৰ বাতৰি সন্দৰ্ভত আপৰ ৱৰ্কিং কমিটীৰ আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে কয়, ” অহা ১৪ জুলাইত শিৱসাগৰৰ ডিমৌত আপৰ কোনো সভা অনুষ্ঠিত নহয়। যদিহে কোনো অকৰ্তৃত্বশীল শিবিৰে দলৰ ৱৰ্কিং কমিটীৰ সিদ্ধান্তৰ বিপৰীতে এনে সভা অনুষ্ঠিত কৰাৰ তৎপৰতা চলাইছে, সেই সভাৰ সৈতে আপৰ ৰাজ্যিক নেতৃত্ব কোনো পধ্যেই জড়িত নহয়।  ডিমৌত মই নিজেও উপস্থিত থাকিম বুলি এখন কাকতত বাতৰি প্ৰকাশ পাইছে। এয়া সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু অভিসন্ধিমূলক। ” প্ৰেছ বিজ্ঞপ্তি যোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডাঃ ভবেন চৌধুৰীয়ে।