NORTHEAST NOW (Assamese)

হাজো-শুৱালকুছিত গৌৰৱ গগৈ-ভূপেন বৰাৰ নিৰ্বাচনী হুংকাৰ: এআইইউডিএফৰ সৈতে কোনো মিত্ৰতা নহয় বুলি ঘোষণা

January 18, 2026 7:32 pm · এন ই নাও নিউজ, গুৱাহাটী

২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই আজি হাজো-শুৱালকুছি সমষ্টিত এক বিশাল প্ৰাক-নিৰ্বাচনী প্ৰচাৰ চলায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আৰু প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। সাংগঠনিক সভাখনত ভাষণ প্ৰদান কৰি সভাপতি গৌৰৱ গগৈয়ে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ সৈতে কংগ্ৰেছে ভৱিষ্যতে কোনো ধৰণৰ নিৰ্বাচনী মিত্ৰতা নকৰে বুলি পুনৰবাৰ স্পষ্ট কৰি দিয়ে। লোকসভা নিৰ্বাচনত ব্যৰ্থ হোৱাৰ পিছত এআইইউডিএফ-এ কংগ্ৰেছৰ জৰিয়তে বৈতৰণী পাৰ হোৱাৰ যি অংক কৰিছে, সেয়া সফল হবলৈ দিয়া নহব বুলি তেওঁ হুংকাৰ দিয়ে। বাইক আৰু চাইকেল ৰেলীৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত গগৈয়ে বিভিন্ন ধৰ্মীয় স্থানত আশীষ গ্ৰহণ কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি গৌৰৱ গগৈয়ে তেওঁক অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীবুলি আখ্যা দিয়ে। গগৈয়ে অভিযোগ কৰে যে বিগত ২০ বছৰত জনসাধাৰণক সেৱা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল পৰিয়ালৰ নামত সম্পত্তি গঢ়াতহে ব্যস্ত থাকিল। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, অংগনবাড়ী কৰ্মীৰ সমস্যা সমাধান আৰু ব্যক্তিগত আক্ৰমণৰ প্ৰসংগ টানি আনি গগৈয়ে কয় যে কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে বিজেপি চৰকাৰে গঢ়া সকলো অবৈধ সম্পত্তি কাঢ়ি লৈ দুখীয়াৰ মাজত বিতৰণ কৰা হব। বিজেপি চৰকাৰৰ দিনত সমাজত বিভাজনৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে তৰুণ গগৈৰ দিনতহে সকলো জাতি-জনগোষ্ঠী সুৰক্ষিত আছিল। বৰ্তমানৰ চৰকাৰে কেৱল কমিছনৰ বিনিময়তহে চৰকাৰী আঁচনিৰ সুবিধা বিতৰণ কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

একেখন সভাতে উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিৰ জাতি-মাটি-ভেটিৰ শ্লোগানৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত খিলঞ্জীয়াই মাটি পোৱাৰ পৰিৱৰ্তে আদানি-আম্বানিৰ দৰে পুঁজিপতিয়েহে মাটি লাভ কৰিছে। ২০১৬ চনত বিজেপিয়ে শৰাইঘাটৰ শেষ ৰণৰ কথা কৈছিল যদিও পাছলৈ কাজাপি দি পাঁচজন থলুৱা যুৱকক গুলীয়াই হত্যা কৰাহে দেখা গল বুলি বৰাই সোঁৱৰাই দিয়ে। বিটিআৰৰ চুক্তি ৰূপায়ণ নকৰাক লৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত কৰা সমালোচনাৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয় যে বিটিচিৰ পৰাও বিজেপিৰ পতন নিশ্চিত। জুবিন গাৰ্গৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি নিদিলে বিহুৰ সময়ত ৰাইজে বিজেপিক পুলিয়ে-পোখাই উঘালি ব্ৰহ্মপুত্ৰত উটুৱাই দিব বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গৌৰৱ গগৈয়ে শিঙিমাৰী বজাৰত স্থানীয় কৃষকৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ পৰা শাক-পাচলি ক্ৰয় কৰে। শুৱালকুছিৰ এৰী-মুগা শিল্পৰ দুৰৱস্থাৰ বাবে চৰকাৰক দায়ী কৰি গগৈয়ে কয় যে ব্যক্তিগত লাভালাভৰ বাবে থলুৱা শিল্পসমূহ ধ্বংস হবলৈ দিয়া হৈছে। আজিৰ এই কাৰ্যসূচীত বিধায়িকা নন্দিতা দাস, সত্যব্ৰত কলিতাকে ধৰি কংগ্ৰেছৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে। কাইলৈ গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত কংগ্ৰেছৰ এই প্ৰচাৰ অভিযান অব্যাহত থাকিব।

Related News