NORTHEAST NOW (Assamese)

নাই কোনো চিকিৎসক : সাগৰৰ পানীৰ মাজত নিশা দুই বজাত সন্তান জন্ম দিলে এইগৰাকী মাতৃয়ে

March 31, 2024 7:28 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

চিকিৎসক বা আন কোনো পেচাদাৰীৰ সহায় নোলোৱাকৈ সন্তান জন্ম দি চৰ্চালৈ আহিছে এগৰাকী মাতৃ। নিকাৰাগুয়াৰ কেৰিবিয়ান সাগৰৰ পানীৰ মাজত পুৱা ২ বজাত কোনো চিকিৎসকৰ সহায় নোলোৱাকৈ  জোছি কৰ্ণেলিয়াছ নামৰ এগৰাকী মাতৃয়ে  জন্ম দিছে এটি পুত্ৰ সন্তান। 

জানিব পৰা মতে নৱজাতকটিৰ নাম মাউই। মাউইৰ জন্মৰ দুমাহ আগতে জোছিয়ে নিকাৰাগুয়ালৈ গুচি যায় কাৰণ চিকিৎসা পেছাদাৰীৰ সহায় অবিহনে সন্তান জন্ম দিব খুজিছিল।

এইবাৰ দ্বিতীয়বাৰৰ বাবে জোছিয়ে সাগৰত সন্তান জন্ম দিছে। জোছি মুঠ পাঁচটা সন্তানৰ মাতৃ।, মাউই আটাইতকৈ সৰু। 

জোছিয়ে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰামত মাউইৰক সাগৰত জন্ম দিয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।, ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। 

জোছি আৰু তেওঁৰ স্বামী বেনীয়ে নিখুঁতভাৱে পৰিকল্পনা কৰি মাউইৰক জন্ম দিছিল। সাগৰত জন্মৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁলোকে মাউইৰ নিৰ্ধাৰিত তাৰিখৰ দুমাহ আগতে নিকাৰাগুয়াৰ এটা দ্বীপলৈ গুচি যায়। 

ভাইৰেল ভিডিঅ’টোত জোছিয়ে সাগৰত কেঁচুৱা মাউইক কোলাত লৈ থকা দেখা গৈছে আৰু আন এটা ক্লিপত তেওঁ আৰু বেনীয়ে হাঁহি হাঁহি আনন্দ কৰি থকা দেখা গৈছে।

Related News