NORTHEAST NOW (Assamese)
অসম

ৰেহাই দিবলৈ আমোদ কৰ নায়েই; ভিলেইজ ৰকষ্টাৰ্ছক কৰ ৰেহাইৰ বাবে কেবিনেটত সিদ্ধান্ত হৈছিল নে?

Posted by: এন ই নাও নিউজ October 5, 2018 5:14 pm
Village Rockstars_Tax

ভিলেইজ ৰকষ্টাৰ্ছ নামৰ শেহতীয়াকৈ ব্যাপক চৰ্চিত আৰু সমাদৃত অসমীয়া বোলছবিখনক লৈও চৰকাৰে সুবিধাবাদৰ ৰাজনীতি কৰিলে নেকি? চিনেমাখনে ব্যাপক চৰ্চা আৰু জনপ্ৰিয়তা লাভ কৰাৰ পিছতে চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈ কিছুমান ঘোষণা কৰা দেখা হৈছিল। তাৰ ভিতৰত আছিল ৰীমা দাসলৈ ৫০ লাখ টকাৰ সাহায্য ঘোষণা (পিছত এই পৰিমাণ বৃদ্ধি কৰি ১ কোটি টকা কৰা হ’ল)।

ইয়াৰ উপৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছিল যে কেবিনেটে চিনেমাখনৰ বাবে কৰ ৰেহাইৰ সিদ্ধান্ত লৈছে। কিন্তু সেয়া সঁচা আছিল নে?

মন কৰিব লগীয়া যে চিনেমাখন ৰাজ্যৰ ছবিঘৰবোৰত সফলতাৰে চলি আছে আৰু অসমীয়া চিনেমাৰ বাবে এইটো এটা অত্যন্ত শুভলক্ষণ। কিন্তু প্ৰায়বোৰ ছবিগৃহত ইয়াৰ মেনেজমেণ্টে স্পষ্টীকৰণসহ জাননী আঁৰি থোৱা দেখা গৈছে যে চৰকাৰৰ পৰা কোনো কৰ ৰেহাইৰ বিষয়ে তেওঁলোক অৱগত নহয়। গতিকে কৰ ৰেহাই দিয়া নহয়।

আনহাতে জাননীবোৰত এইটোও উল্লেখ কৰা হৈছে যে জি এছ টিৰ পিছত এতিয়া কোনো আমোদ কৰ বুলি কৰ নাই। জি এছ টি-হে আছে। সেয়া ৰেহাই দিয়া সন্দৰ্ভত চৰকাৰৰ পৰা তেওঁলোকে একো জাননী পোৱা নাই আৰু তেওঁলোকৰ ফালৰ পৰা বিত্ত বিভাগৰ সৈতে যোগাযোগ কৰাত বিত্ত বিভাগেও চৰকাৰৰ পৰা তেনেকুৱা নিৰ্দেশনা পোৱা নাই বুলি কয়।

এতিয়া প্ৰশ্ন হৈছে ভিলেইজ ৰকষ্টাৰ্ছৰ জনপ্ৰিয়তা দেখি তাৰ পৰা ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই চৰকাৰে এনেকুৱা এটা গোকাট মিছা কথা প্ৰচাৰ কৰিলে নেকি? চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী হৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে কেনেকৈ কেবিনেটত সিদ্ধান্ত হোৱা বুলি ইমান ভিত্তিহীন প্ৰচাৰ চলাব পাৰে?