NORTHEAST NOW (Assamese)
দেশ

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2026 3:37 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

প্ৰায় ছয় দশকৰ দীঘলীয়া হিংসাৰ অন্ত পেলাই ভাৰতবৰ্ষ এতিয়া সম্পূৰ্ণৰূপে নক্সালবাদ মুক্ত হৈ পৰিছে। ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জনায় যে বৰ্তমান দেশৰ এটাও জিলা নক্সাল অধ্যুষিত হিচাপে তালিকাভুক্ত হৈ থকা নাই। এসময়ত যি নক্সালবাদক ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি গণ্য কৰা হৈছিল, অৱশেষত সেই হিংসাৰ অৱসান ঘটিছে।

কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা পৰিসংখ্যা অনুসৰি, নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা ধাৰাবাহিকভাৱে হ্ৰাস পাইছে। ২০১৮ চনৰ এপ্ৰিল মাহলৈকে দেশত ১২৬ খন জিলা নক্সাল প্ৰভাৱিত আছিল। পৰৱৰ্তী সময়ত এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই ২০২১ চনৰ জুলাইত ৭০ খন, ২০২৪ চনৰ এপ্ৰিলত ৩৮ খন আৰু ২০২৫ চনৰ ডিচেম্বৰত ৮ খনলৈ নামি আহে। অৱশেষত ২০২৬ চনৰ মাৰ্চ-এপ্ৰিল মাহত এই সংখ্যা শূন্যলৈ আহে। অৰ্থাৎ বৰ্তমান দেশৰ এখন জিলাতো মাওবাদীৰ প্ৰভাৱ নাই।

অৱশ্যে বৰ্তমান দেশৰ ৩৭ খন জিলাক লিগেচি এণ্ড থ্ৰাষ্ট জিলা হিচাপে ৰখা হৈছে। এই জিলাসমূহত আৰু নক্সালৰ উপদ্ৰৱ নাই যদিও ভৱিষ্যতে যাতে পুনৰাই চৰমপন্থীয়ে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ বাবে কিছুদিনলৈ নিৰাপত্তা আৰু উন্নয়নমূলক সহায় অব্যাহত ৰখা হ’ব। গৃহ মন্ত্ৰালয়ৰ তালিকাত কেৱল ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাখনক চিন্তনীয় জিলা হিচাপে চিহ্নিত কৰা হৈছিল, য’ত মাওবাদীৰ সাংগঠনিক আন্তঃগাঁথনি প্ৰায় ভাঙি পেলোৱা হৈছিল। কিন্তু সাৰাণ্ডা অৰণ্যত আত্মগোপন কৰি থকা ৬৫ বছৰীয়া শীৰ্ষ মাওবাদী নেতা মিচিৰ বেচৰাক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে সেই অধ্যায়ৰো অন্ত পৰে আৰু মাওবাদী নেতৃত্বৰ উপস্থিতি শূন্যলৈ নামি আহে।

হিংসাত্মক ঘটনাৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে ২০২১ চনত মাওবাদী হিংসাৰ ৪৮৬ টা ঘটনা সংঘটিত হৈছিল, যাত ১০৭ জন সাধাৰণ নাগৰিক আৰু ৩২ জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছিল। কিন্তু ২০২৬ চনৰ ২১ জুলাইলৈকে এই হিংসাত্মক ঘটনা মাত্ৰ ৩৩ টালৈ হ্ৰাস পায়, যাত ৬ জন নাগৰিক আৰু ৫ জন জোৱান নিহত হয়। নক্সালমুক্ত অঞ্চলসমূহত কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে। জোৱানসকলৰ প্ৰায় এক তৃতীয়াংশ শিবিৰ আঁতৰাই সেইবোৰক সাধাৰণ মানুহৰ বাবে জন সুবিধা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে। এই কেন্দ্ৰসমূহত স্থানীয় ৰাইজে স্বাস্থ্য পৰিসেৱা, কাৰিকৰী শিক্ষা, ডিজিটেল সেৱা আৰু সাংস্কৃতিক চৰ্চাৰ সুবিধা লাভ কৰিব। ছত্তীশগড়ৰ জগদলপুৰৰ নেতানাৰত নিৰ্মাণ কৰা শ্বহীদ বীৰ গুণ্ডাধুৰ সেৱা ডেৰা কেন্দ্ৰ হৈছে দেশৰ প্ৰথমটো এনে জন সুবিধা কেন্দ্ৰ।