NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাত : কংগ্ৰেছ-বিজেপিৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 15, 2024 2:35 pm

আহি আছে ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন। অৱশ্যে উপ-নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। তথাপি নিৰ্বাচনৰ বাবে প্ৰচাৰ-প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে।

মঙলবাৰে ৰূপহীহাট অঞ্চলত এক মটৰ চাইকেল ৰেলী উলিয়াইছিল কংগ্ৰেছ দলে। উপ-নিৰ্বাচন উপলক্ষ্যেই এই ৰেলী উলিয়াইছিল দলটোৱে।

ৰূপহীহাটৰ এই ৰেলীত যোগ দিবলৈ গৈছিল কংগ্ৰেছৰ সমৰ্থকৰ দল। কিন্তু বাটতে কংগ্ৰেছ সমৰ্থক সকলক বাধা প্ৰদান কৰে একাংশ বিজেপি কৰ্মীয়ে।

যাৰ ফলত দুয়ো পক্ষৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। দুয়ো পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হয়। কেইবাখনো বাহনত আক্ৰমণ কৰে বিজেপিকৰ্মী সকলে।

এই খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় ৰূপহীহাট আৰক্ষী আৰু চি আৰ পি এফৰ দল। তেওঁলোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

এই ঘটনাত দুয়োপক্ষৰ কেইবাজনো লোক আহত হৈছে বুলি জানিবলৈ পোৱা গৈছে।

এই ঘটনাৰ পিছত বিজেপিয়ে কংগ্ৰেছক দোষাৰোপ কৰাৰ বিপৰীতে কংগ্ৰেছে ইয়াক বিজেপিৰ পৰিকল্পিত আক্ৰমণ বুলি অভিযোগ কৰিছে।