NORTHEAST NOW (Assamese)
Popular Stories

শিক্ষামন্ত্ৰী, শিক্ষা উপদেষ্টা আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী জাতীয় যুৱ বাহিনীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2023 6:45 pm

যোৱা ১৬ মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ১৮ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন ফাদিল হোৱা বুলি এক টুইটযোগে প্ৰকাশ কৰে। ইয়াৰে পূৰ্বেও বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতখন ফাদিল হোৱাৰ বাবে উক্ত পৰীক্ষা পিছুৱাই দিব লগীয়া হৈছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক হেঁচাৰ সন্মুখীন হবলগীয়া হৈছে।

এইদৰে প্ৰশ্ন কাকত ফাদিল কৰি ছেৱাক ধ্বংস কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ কৰিছে নেকি বুলি ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ এইদৰে হেতালি খেলা কাৰ্য্যক ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে।

জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড° ননী গোপাল মহন্ত, ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগৰ দাবী জনায়।

শেহতীয়াকৈ দেখা গৈছে যে বিজেপি চৰকাৰে প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত কেইজনমান শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব বিচাৰিছে। কিন্তু এটা বিয়াগোম শিক্ষা বিভাগ, গৃহ বিভাগ আৰু এজন দক্ষ মুখ্যমন্ত্ৰী থকাৰ পিছতো কেনেকৈ প্ৰশ্নকাকত ফাদিলৰ সুৰুঙা পাইছে সেইয়াহে চিন্তনীয়।

গতিকে চৰকাৰে এই প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও প্ৰশ্নকাকত ফাদিলৰ সুৰুঙাবোৰ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। তদুপৰি মেট্ৰিকৰ প্ৰশ্নকাকত লিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষীয়ে টনা-আজোৰা কৰাৰ তীব্ৰ গৰিহণা জনাইছে।