NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত গাড়ী চোৰৰ দপদপনি; কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ September 3, 2020 7:32 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত হিলভিউস্থিত নৱনিৰ্মিত পানী  পাম্পৰ চৌহদৰ পৰা এখন মাৰুটি এল্ট’ গাড়ী কালি নিশা চুৰি হয়।

বগা ৰঙৰ এল্ট’ বাহনখনৰ নম্বৰ হৈছে এ এছ ২৩ এফ ৩৩৩৯। কৰ্মসূত্ৰে মাৰ্ঘেৰিটাত থকা লক্ষীমপুৰৰ যুৱক উজ্জ্বল গগৈৰ এল্ট’ বাহনখন নিশা চোৰে চুৰি কৰি নিয়াত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়।

শেহতীয়াভাৱে ল’কডাউনৰ ফলত মাৰ্ঘেৰিটা তথা ইয়াৰ দাতিকাষৰীয়া অঞ্চলত চোৰৰ উপদ্ৰৱ ক্ৰমাৎ বৃদ্ধি হোৱাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে।

চুৰি কাৰ্য্য ৰোধ কৰাৰ ক্ষেত্ৰত মাৰ্ঘেৰিটা আৰক্ষী ব্যৰ্থ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত উজ্জ্বল গগৈয়ে চুৰি হোৱা বাহনখন সন্দৰ্ভত মাৰ্ঘেৰিটা থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও বাতৰি লেখাৰ সময়ৰ লৈকে চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নায়।

উল্লেখ যোগ্য যে, কিছুদিন পূৰ্বে মাৰ্ঘেৰিটা এছ বি আই ৰ চৌহদৰ পৰা এখন মটৰ চাইকেল চোৰে চুৰি কৰিবলৈ লওতে স্থানীয় ৰাইজে চোৰ দুটাক আটক কৰি আৰক্ষীক চমজাই দিছিল।