NORTHEAST NOW (Assamese)
দেশ

আজৱ কাণ্ড: আৰক্ষীৰ ঘৰৰ পৰাই চোৰে লুটিলে দহ লক্ষাধিক টকাৰ সম্পত্তি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2022 5:16 pm
Thieves Loot From Cop's Home

জনসাধাৰণৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ বৰ্তমান নিজৰে নাইকিয়া হৈছে নিৰাপত্তা। সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবে কৰ্মৰত এগৰাকী আৰক্ষী বিষয়াৰ গৃহৰ পৰাই চোৰে লুট-পাত চলোৱাৰ এক ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ জালনাত সোমবাৰে দিনৰ ভাগতে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ ঘৰত প্ৰৱেশ কৰি চোৰে লুটি নিয়ে ১০.৫৫ লাখ টকা মূল্যৰ নগদ ধনৰ লগতে মূল্যৱান আ-অলংকাৰো।

কালি দিনৰ প্ৰায় ১১:৩০ বজাত আম্বাদৰ শাৰদা নগৰৰ উপ-পৰিদৰ্শক মধুকৰ পাটিলৰ ঘৰত এই চুৰি কাণ্ড সংঘটিত হয়। সেই সময়ত পাটিল কৰ্তব্যৰত অৱস্থাত থকাৰ সুযোগ লৈ চোৰে লুট-পাত চলায়।

আৰক্ষী বিষয়া পাটিলে জানিবলৈ দিয়া মতে চোৰে তেওঁৰ ঘৰৰ পৰা ৮.৭৫ লাখ টকা মূল্যৰ অলংকাৰ আৰু ১.৮০ লাখ নগদ টকা লৈ উধাও হয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে আৰু তেওঁৰ ঘৰৰ কাষতে থাকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি চোৰৰ সন্ধান চলোৱা হৈছে বুলি তেওঁ লগতে কয়।