NORTHEAST NOW (Assamese)
Popular Stories

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 17, 2022 9:00 pm
Thieves return stolen idols

উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ এক অভিনৱ কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। জিলাখনৰ এটা প্ৰাচীন মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰী ঘূৰাই দিছে চোৰে।

ইয়াৰোপৰি চুৰি সামগ্ৰীৰ লগতে এখন স্বীকাৰোক্তি পত্ৰও ৰাখি গৈছে এই নিৰ্বাণ লাভ কৰা চোৰে।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা সপ্তাহত চোৰৰ দলটোৱে ভগৱান বালাজীৰ ৩০০ বছৰ পুৰণি এটা প্ৰাচীন মন্দিৰৰ পৰা কমেও ১৬ টা মূৰ্তি চুৰি কৰিছিল।

কিন্তু মূৰ্তি সমূহ চুৰি কৰাৰ পাছৰে পৰা শোৱাৰ সময়ত দেখা দু: স্বপ্নত থৰকাছুটি হেৰাই চোৰৰ।

এনে পৰিস্থিতিত ভয়ভীত হৈ চুৰি কৰি নিয়া মূৰ্তিবোৰ পুনৰ মন্দিৰৰ মুখ্য পুৰোহিতৰ ঘৰৰ ওচৰত ঘূৰাই দিয়ে চোৰৰ দলটোৱে।

চোৰে এই মূৰ্তিবোৰ ঘূৰাই দিয়াৰ সময়ত তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰি এখন পত্ৰ লিখি থৈ যায়।

পত্ৰখনত তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকে মূৰ্তিবোৰ চুৰি কৰাৰ পিছত প্ৰায়ে নিশা ভয়ানক সপোন দেখিছিল।

“আমি শুব, খাব আৰু শান্তিৰে জীয়াই থাকিব পৰা নাই। আমি ভয়ানক সপোনবোৰত অতিষ্ঠ হৈ পৰিছো আৰু আপোনাৰ মূল্যৱান সামগ্ৰী ঘূৰাই দিছোঁ।”- পত্ৰখনত এইদৰে উল্লেখ কৰে চোৰে।

অৱশ্যে চুৰি কৰা সামগ্ৰীবোৰ ওভতাই দিলেও বা চুৰিৰ দোষ স্বীকাৰ কৰিলেও নিজৰ পৰিচয় গোপনে ৰাখে চোৰৰ দলটোৱে। লগতে ধৰা পেলাব পৰা কোনো অচিলাও নাৰাখে দলটোৱে।

অৱশ্যে মূৰ্তিসমূহ ঘূৰাই দিলেও মন্দিৰ কৰ্তৃপক্ষই দুটা মূৰ্তি এতিয়াও উদ্ধাৰ হোৱা নাই বুলি জানিবলৈ দিছে।

তেওঁলোকৰ ভাষ্য অনুসৰি ইয়াৰে এটা মূৰ্তি আঠটা ধাতুৰে নিৰ্মিত আৰু ওজন প্ৰায় পাঁচ কিলোগ্ৰাম আছিল।

এই মূল্যৱান মূৰ্তিকেইটাৰ সন্ধান বৰ্তমান অব্যাহত আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।