NORTHEAST NOW (Assamese)
Popular Stories

স্বাস্থ্য বিভাগত ২,০৪৭টা তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বিজ্ঞাপন মুকলি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 30, 2024 3:20 pm
স্বাস্থ্য বিভাগত ২,০৪৭টা তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বিজ্ঞাপন মুকলি

অসমৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় হাস্পতালত থকা ২,০৪৭টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে আবেদন আহ্বান কৰিছে।

মুঠ পদৰ সংখ্যা- ২,০৪৭টা

পদৰ নাম- গ্ৰেড -৩( টেকনিকেল)

পদৰ সংখ্যা- ১০৭০

শিক্ষাগত অর্হতা- বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি

দৰমহা- ১৪,০০০-৬০,৫০০

পদৰ নাম- গ্ৰেড-৩( নন-টেকনিকেল)

পদৰ সংখ্যা- ৩২০টা

শিক্ষাগত অর্হতা- বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি

দৰমহা- ১৪,০০০-৬০,৫০০

পদৰ নাম- গ্ৰেড-৪

পদৰ সংখ্যা-৬৫৭

শিক্ষাগত অর্হতা- অষ্টম শ্ৰেণী উত্তীৰ্ণ

দৰমহা- ১২,০০০-৫২,০০০টকা

বয়স- ২০২৪ বৰ্ষৰ ১জানুৱাৰীত ১৮ বছৰৰ কম আৰু ৪০ বছৰৰ বেছি হ’ব নালাগিব

বয়স ৰেহাই- অবিচি/এমঅ’বিচিৰ বাবে ৩বছৰ, এছটি/এছচিৰ ৫ বছৰ, পিডব্লিউডি প্ৰাৰ্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ’ব

অন্যান্য অর্হতা-ভাৰতীয় নাগৰিক হোৱাৰ লগতে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীকৃত হ’ব লাগিব

হেল্পলাইন নম্বৰ- ৭৯৭৭২- ৫৯৭২৮

আবেদনৰ অন্তিম তাৰিখ- ৯ ডিচেম্বৰ,২০২৪